'লকডাউনৰ নামত চৰকাৰে অসমৰ ৰাইজক গৃহবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে'-অসম সংগ্ৰামী মঞ্চ

অসম

"দেশৰ প্ৰধানমন্ত্ৰীয়ে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক 'আনলক'ৰ প্ৰস্তুতি চলাবলৈ নির্দেশ দিছিল,সেই সময়ত অসম চৰকাৰে ৰাজ্যবাসীক পূৰ্বতকৈ অধিক কঠোৰ লকডাউনৰ ফালে ঠেলি দিয়া সিদ্ধান্ত অতি দুৰ্ভাগ্যজনক"-এই গুৰুত্বপূৰ্ণ মন্তব্য অসম    সংগ্ৰামী মঞ্চৰ।নগৰাঞ্চল-পৌৰ সভা এলেকাত দুদিন লকডাউন আৰু ৰাতি ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ১২ ঘণ্টা কাৰ্ফিউ দিলে চৰকাৰে কভি'ড সংক্ৰমণ নহ'ব বুলি কিবা যুক্তি তথা তথ্য প্ৰমাণ দিব পাৰিব নেকি!প্ৰশ্ন কৰে সংগঠনটোৱে। 

"দেশত প্ৰথম লকডাউন ঘোষণা কৰাৰ সময়ত ৩৮জন ক'ৰ'না আক্রান্ত আছিল।৭১দিনীয়া লকডাউনৰ পিছত ইয়াৰ সংখ্যা হ'লগৈ ২.৮০ লাখ।মৃত্যু হয় ৫,৮০০ জনৰ।বৰ্তমান আক্রান্তৰ সংখ্যা পাঁচ লাখ পাৰ হ'ল।মৃত্যু হৈছে পোন্ধৰ হাজাৰৰো অধিক লোকৰ।গতিকে,লকডাউনে নোৱাৰে সমস্যা সমাধান কৰিব।বৰঞ্চ দেশৰ লগতে জনতাৰ অৰ্থনৈতিক সমস্যাৰহে সৃষ্টি কৰিব"-এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে সংগঠনটোৱে।

'লকডাউনৰ নামত চৰকাৰে অসমৰ ৰাইজক গৃহবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।অসমত বলৱৎ কৰা লকডাউনৰ উদ্দেশ্য সামাজিক,চিকিৎসাজনিত নে ৰাজনৈতিক'- চৰকাৰক পোনপটীয়া প্ৰশ্ন অসম সংগ্রামী মঞ্চৰ।

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত তথা লকডাউনৰ ঘোষণা সন্দেহজনক আৰু অপৰিপক্ক বুলি উল্লেখ কৰি মঞ্চৰ দাবী-"পূৰ্বৰ চাৰিটাকৈ লকডাউনে জুৰুলা কৰাৰ পিছত থিয় হৈ উঠা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে সকলো ধৰণৰ ব্যৱসায়-বাণিজ্য-উৎপাদনত পুনৰ আঘাত সনা হ'ল।

দুদিনৰ সময় দি ১৪ দিনৰ বাবে যি কঠোৰ লকডাউন ঘোষণা কৰিলে,তাৰ ফলত বজাৰসমূহত জনতাৰ ভিৰ দেখা গ'ল।যি ভিৰে বৃদ্ধি কৰিব সংক্ৰমণ।

স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ গুৱাহাটীৰ ৯০% মানুহে মাস্ক পৰিধান নকৰে বুলি কৈছে।তেওঁ কিবা তথ্য আছে নেকি এনে মিছা অভিযোগ উত্থাপন কৰিবলৈ।

দৈনিক শ্ৰম কৰি আয় কৰা লোকসকলে ১৪ দিনৰ বজাৰ একে লগে ক'ৰ পৰা কৰিব।অট' চালক,গাড়ী চালক,শাক-পাচলি ব্যৱসায়ীসকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই নেকি বুলিও প্ৰশ্ন উথাপন কৰে সংগঠনটোৱে।

Your Comments