মঙলবাৰে কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল ৰেলী:১ কোটি লোকক সামৰি  লোৱাৰ লক্ষ্য

Bjp

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলবাৰে অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ ভাৰ্চুৱেল ৰেলী।আবেলি ৪.৩০বজাত ভাৰ্চুৱেল ৰেলীৰ জড়িয়তে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাজ্যবাসীক সম্বোধন কৰিব।

ৰেলীৰ জড়িয়তে ৭০লাখৰ পৰা ১কোটি লোকক সামৰি লোৱাৰ লক্ষ্য ৰাজ্যিক বিজেপিৰ।এই কথা সংবাদ মেলৰ জড়িয়তে প্ৰকাশ কৰিছে মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই।

ইফালে,সমগ্ৰ ৰেলীৰ কাৰ্যসূচী ২০হাজাৰ বিজেপি হোৱাটছএপ গ্ৰুপ আৰু যুৱ মৰ্চাৰ ২০ হাজাৰ গ্ৰুপত মুঠত ৪০ হাজাৰ হোৱাটচএপ গ্ৰুপত শ্বেয়াৰ হ'ব।এই কথাও তেওঁলোকে প্ৰকাশ কৰে।
 
ৰেলীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,'নেডা'ৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মা,সভাপতি ৰণজিৎ কুমাৰ দাস আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।

Your Comments