বৰফৰ মাজত ১৪ হাজাৰ ফুট উচ্চতাত যোগাসন কৰিলে আইটিবিপিৰ জোৱানে

Itbp Jawans

নিউজ ডেস্ক-
সীমান্তৰ অতন্দ্ৰ প্ৰহৰী হৈ প্ৰতি মুহূৰ্ততে দেশ ৰক্ষাৰ স্বাৰ্থত ব্যস্ত থাকে তেওঁলোক। সেইবাবেই তেওঁলোকক ছেল্যুট জনায় দেশবাসীয়ে।তেওঁলোকেও দেওবাৰে পালন কৰিলে  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।তাতো বীৰত্বৰ পৰিচয়।তাপমাত্ৰা প্ৰায় শূন্য,বৰফে ঢকা পাহাৰৰ শিখৰতে অংশ ল’লে যোগাসনত।নিয়মানুৱৰ্তিতা আৰু কৰ্তব্যপৰায়ণৰ চূড়ান্ত উদাহৰণ শিকিব পাৰি এওঁলোকৰ পৰা।ইণ্ডো তিবেতান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ জোৱানৰ যোগাসনৰ এই ছবি ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত।জোৱানসকলৰ সূৰ্য নমস্কাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰা হয় ছ'চিয়েল মিডিয়াত।বদ্ৰীনাথৰ সমীপত ১৪ হাজাৰ ফুট উচ্চতাত ভীৰত-চীন সীমান্তৰ বসুধৰা হিমবাহৰ ওপৰত যোগাসনত ব্যস্ত হৈ পাৰে এইসকল ইণ্ডো তিবেতান ব’ৰ্ডাৰ পুলিচৰ জোৱান।

Your Comments