কামৰূপ(ম)জিলাত শীৰ্ষ দহত কোন কোন জানি লওঁক...

Matric

আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ(ম) জিলাৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতে শীর্ষ ১০টা স্থানত জিলিকিবলৈ সক্ষম হৈছে।

তৃতীয় স্থান লাভ কৰিছে চেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাকি জি বুলটনে।তেওঁ লাভ কৰিছে মুঠ নম্বৰ ৫৯১।অসমীয়াত ৯৬,ইংৰাজীত ৯৬,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ৯৯ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

চতুৰ্থ স্থান লাভ কৰিছে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই।মুঠ নম্বৰ লাভ কৰিছে ৫৯০।অসমীয়াত ৯৫, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৯,সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ।

নৱম স্থানত লাভ কৰিছে দুগৰাকী মেধাৱীয়ে।নৱম স্থানত নুনমাটি অসম জাতীয় বিদ্যালয়ৰ অন্যন্যা মেধিয়ে লাভ কৰিছে ৫৮৫ মুঠ নম্বৰ।অসমীয়াত ৯৫, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭,সমাজ বিজ্ঞানত ৯৬ আৰু ঐচ্ছিক গণিতত ১০০নম্বৰ।

আনগৰাকী নিৰজ খেতান।হেপী চাইল্ড হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ মুঠ নম্বৰ লাভ কৰিছে ৫৮৫।হিন্দীত ৯৫,ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৫ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে।

গুৰুত্বপূৰ্ণ যে কামৰূপ(ম) জিলাত উত্তীৰ্ণৰ  হাৰ ৭২.৪৭%।

*ফটোত অন্যন্যা মেধি।

Your Comments