বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সন্মুখতে গুৱাহাটী পৌৰ নিগমৰ কামৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

Sonowal

উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ খতিয়ান বিচাৰি গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ লগত প্ৰায় দুঘণ্টাযোৰা বৈঠকত মিলিত হৈ কামৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে।মন্ত্ৰী ভট্টাচাৰ্যৰ সন্মুখতে নিগমৰ কামৰ তন্ন-তন্নকৈ খতিয়ান লয়।

গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধানৰ বাবে সতৰ্ক আৰু সজাগ হোৱাৰ নির্দেশ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-"পূৰ্বতে আধা ঘন্টা বৰষুণ দিলেই গুৱাহাটীত পানী হয়।কিন্তু বৰ্তমান তাৰ সমাধান হৈছে।"লগতে আৰু কয় যে গুৱাহাটী চহৰখন আধুনিক ৰূপত নিৰ্মাণ কৰাৰ লগতে নতুন বজাৰ আৰু নিবনুৱাক সংস্থাপন দিব পৰা কাম কিদৰে কৰিব পৰা যায়,তাৰ বাবেও বিভাগক নির্দেশ দিয়া হৈছে।

ইফালে ৰাইজক  আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় গুৱাহাটী হৈছে দক্ষিণ-পূব এচিয়াৰ দূৱাৰমুখ।গুৱাহাটীক  সুন্দৰভাৱে ৰখা আমাৰ সকলোৰে দায়িত্ব।য'তে-ত'তে জাবৰ নেপেলাবলৈ তেওঁ আহ্বান জনায়। 

"ক'ৰ'না যুঁঁজত আমি জয়ী হ'ব লাগিব।সেয়ে সামাজিক দূৰত্ব সকলোৱে বজাই  ৰাখিব লাগিব।গুৱাহাটীৰ জনতাই ৰাজ্যৰ নগৰ-চহৰসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব"-সোণোৱালে লগতে কয়।  

জাবৰ নিস্কাষনৰ বাবে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।

Your Comments