চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নতুন নিয়ম সমূহ কি কি ? জানিবলৈ ক্লিক কৰক....

Lock

নিউজ ডেস্ক:

প্ৰকাশ পালে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নতুন নিৰ্দেশনা।৩১ মে'লৈকে দেশত কাৰ্যকৰী হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে চতুৰ্থ পৰ্যায়ৰ নিৰ্দেশনা সমূহ। উল্লেখযোগ্য যে বহু দিশত শিথিল কৰা হৈছে এইবাৰৰ লকডাউন।

কি কি শিথিলতা ঠাকিব এই লকডাউনত :

সম্পূৰ্নৰূপে খোলা থাকিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়।

বন্ধ থাকিব শ্বপিং মল, জিম, ছবিগৃহ।

দৰ্শক নথকাকৈ ষ্টেডিয়াম মুকলি কৰিব পাৰিব।

গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ'ন ৰাজ্য চৰকাৰ সমূহে  নিজেই নিধাৰণ কৰিব।

কোনো ৰাজনৈতিল অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।ধৰ্মীয় অনুষ্ঠানো বন্ধ থাকিব।

বিদ্যালয়, মহাবিদ্যালয় সকলো বন্ধ থাকিব।

ৰাজ্য সমূহক আন্ত:জিলা যাতায়তৰ অনুমতি।

ইফালে কনটেইনমেণ্ট জ'নত নাথাকিব কোনো শিথিলতা।

বন্ধ থাকিব হোটেল, ৰেষ্টোৰা।

গ্ৰীণ জ'ন সমূহ সম্পূৰ্ন খোলা থাকিব।

সীমিত হ'ব ৰেল আৰু বিমান সেৱা।

বাফাৰ জ'ন হিচাপে নতুন এটা জ'ন সংযোজনৰ সিদ্ধান্ত।

মাক্স পৰিধান কৰাটো বাধ্যতামূলক।

সন্ধিয়া ৭বজা পৰা পুৱা ৭বজালৈ লকডাউন কাৰ্ফিউ বাহাল।

খাদ্য হোম ডেলিভাৰী কৰিব পাৰিব।

৬৫বছৰৰ উৰ্ধৰ আৰু ১০বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য ভ্ৰমণ বন্ধ থাকিব।

বিবাহ অনুষ্ঠানত কেৱল ৫০জন লোক হে উপস্থিত থাকিব পাৰিব।

সামগ্ৰী কঢ়িয়াই অনা বাহন তথা খালি ট্ৰাক এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ চলাচল কৰিব পাৰিব।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাতো অপৰাধ হিচাপে গণ্য কৰা হ'ব।

দুই গজ দূৰত্ব মানি চলাৰ আহ্বান।

ৰাজহুৱা স্থানত ৰাগীয়াল দ্ৰব্য সেৱন কৰিব নোৱাৰিব।

অপপ্ৰচাৰ বিৰুদ্ধে এবছৰ লৈকে হ'ব কাৰদণ্ড।

মৃতকৰ সৎকাৰত ২০জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।

দোকানত পাঁচ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।


নিৰ্দেশনা সমূহ প্ৰতিখন ৰাজ্যই গুৰুত্ব সহকাৰে পালন কৰিব লাগিব।

Your Comments