নগাঁৱৰ শেনচোৱাত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

death_nagaon

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাঁহী- মহমৰীয়াৰ সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টী হৈছে । সন্ধানহীন হোৱা যুৱকৰ মৃতদেহটো দিবাকৰ দাস উৰফে ৰংমন (২৬)ৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে পেছাত টেন্ট হাউছৰ কৰ্মছাৰী দিবাকৰ দাস বিগত কিছুদিন ধৰি সন্ধানহীন হৈ আছিল । আজি  শেনচোৱা সমীপৰ এক পৰিত্যক্ত স্থানৰ পৰা দিবাকৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় । যুৱকজনৰ মুৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি পৰিয়াল আৰু প্ৰত্যক্ষদৰ্শীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। ইফালে দিবাকৰৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Your Comments