ওৰাঙত সাংবাদিক কৰ্মশালা সম্পন্ন

Orang_assam

ওদালগুৰি জিলা আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকু আৰু ওদালগুৰি জিলা বিটিএডি সাংবাদিক সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশনত সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰি কয় যে  সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা থাকিলেই এগৰাকী ভাল সাংবাদিক হ'ব নোৱাৰে । তাৰ বিপৰীতে ব‍্যবাহাৰিক শিক্ষাৰেও এগৰাকী ভাল দক্ষ সাংবাদিক হোৱাটোহে মূল কথা বুলি তেওঁ কয়।

আনহাতে, সাংবাদিকসকলে সততা আৰু নিৰপেক্ষ হোৱাৰ লগতে একগ্ৰতাৰে সুস্থিৰ বাতৰি পৰিবেশনত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনায়। নিউজ লাইভৰ কন্সালটিং এডিটৰ ধ্ৰুৱ মহন্ত, দৈনন্দিন বাৰ্তাৰ  সম্পাদক শংকৰ গোঁহাই, দ‍্য আছাম ৰাইজিং কাকতৰ সম্পাদক হীল্লোল গগৈ, ওদালগুৰি জিলাৰ তথ‍্য আৰু জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাস আদিয়ে বিশিষ্ট সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। বিটিএডি সাংবাদিক সন্থাৰ সভাপতি গনেশ ডেকাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে।

Your Comments