কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

চাৰিবছৰ পূৰ্বে কাটাৰ অসম সমাজে আৰম্ভ কৰা ঈদ সন্মিলনীৰ পৰম্পৰা ৰক্ষা কৰি ২৩ আগষ্ট বৃহস্পতিবাৰে সন্ধিয়া ডোহাৰ গাৰ্ডেন ভিলা ৰেষ্টুৰেণ্টৰ সভাঘৰত এক গাম্ভীৰ্যপূৰ্ণ অথচ আনন্দমুখৰ পৰিবেশত পালিত হয় ঈদ উৎসৱ ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

এমুঠি প্ৰবাসী অসমীয়াই বিদেশত আপোনজনৰ মাজত অসমীয়া মাত-কথাৰে, জাৰী-জিকিৰ আৰু নানান গীত-মাতেৰে আপোনপাহৰা পৰিবেশৰ সৃষ্টি কৰে ৷ চৰ্চা হয় ঈদৰ মাহাত্ম্যৰ ৷ স্মৰণ কৰা হয় অতীজৰে পৰা আজিলৈ চিৰনমস্য আৰু শ্ৰেষ্ঠ অসমীয়া মুছলমান ব্যক্তিসকলক ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

বৃহত্তৰ অসমীয়া জাতি গঠনত, সমন্বয় আৰু সম্প্ৰীতিৰ পৰম্পৰা অটুট ৰখাত অৰিহণা যোগোৱা আলী মেচ, আজান ফকিৰ, বাঘ হাজৰিকা, হিলৈধাৰী গেন্ধেলা গৰীয়া, ৰহমত বানু (ৰমণী গাভৰু), চিত্ৰকৰ দিলৱাৰ, দৰ্জী চান্দসাঁইৰ পৰা আৰম্ভ কৰি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন, সাহিত্যিক চৈয়দ আব্দুল মালিক,

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

শিক্ষাবিদ ইমৰাণ শ্বাহ, গীতিকাৰ তফজ্জুল আলী, আদিল হুছেইন, অভিনেতা তছদ্দুক ইউচুফ, আব্দুল মজিদ, ডাঃ হাদি আলম বৰা, চাৰ্জন ডাঃ নেকিবুৰ জামান, ডাঃ মহম্মদ আলি চৌধুৰী, সুকন্ঠী গায়িকা পাৰবীন চুলতানা, সাংবাদিক এম চালেউদ্দিন চৌধুৰীৰ অসমীয়া সমাজলৈ বহুমুখী অৱদানক শ্ৰদ্ধাপূৰ্বক স্মৰণ কৰা হয় ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

অসমৰ প্ৰতিভাৱান প্ৰগতিশীল চিন্তাধাৰৰ যুৱক আবিদ আজাদ আৰু শিৱসাগৰৰ ফৰিদ আহমেদ (দুলু)ৰ দৰে যুৱকৰ কথাও চৰ্চালৈ আহে ৷ যাৰ আদৰ্শ হ'ল- মোৰ জন্ম এনে এখন সমাজত য'ত সংকীৰ্ণ জাতিভেদ নাই ৷ ঈদতো নতুন কাপোৰ লওঁ, দুৰ্গাপূজাতো লওঁ ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

হোলীও পাতোঁ, দেৱালীও পাতোঁ ৷ গৌৰৱৰে কওঁ- 'আমি অসমীয়া' ৷ ঈদ সন্মিলনীৰ আদৰণী ভাষণ প্ৰদান কৰে বৰ্তমানৰ কাটাৰ অসম সমাজৰ সভাপতি ৰজত গগৈয়ে ৷ ঈদৰ ধাৰ্মিক আৰু সামাজিক দিশৰ ওপৰত আলোকপাত কৰে জমিল আহমেদ লস্কৰে ৷

অসমীয়া সমাজ আৰু সমন্বয় ৰক্ষাত মুছলমানৰ ভূমিকা ব্যাখ্যা কৰে প্ৰতিষ্ঠাপক সভাপতি ডাঃ ভূপেন শইকীয়াই ৷ সাংস্কৃতিক সম্পাদিকা পল্লৱী ডেকাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতেই দুটি গীত ('আজলি ছোৱালী' আৰু 'কণমান বৰষিৰে চিপ') কণমাণি শিশুশিল্পী পুতলাই (আদ্ৰিতা মহন্ত) পৰিবেশন কৰে ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

বাদ্যযন্ত্ৰত সুৰ সমলয় তোলে শিশুশিল্পী জন্নত আৰু ইনায়তে ৷ বাদ্যযন্ত্ৰত সুৰ সমলয় তোলে জেষ্ঠসকলৰ ভিতৰৰ ৰজত গগৈ, ৰুমী গগৈ আৰু অতিথি অলকা ডেকাই ৷ গীত পৰিবেশন কৰে দীপক শৰ্মা, অলকা ডেকা, অমিতাভ কাকতি, শুভ্ৰ বৰা, ৰুমী গগৈ, ৰুমঝুম শইকীয়া আৰু পল্লবী ডেকাই ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

 ৰসাল কৌতুকেৰে দৰ্শক শ্ৰোতাক আমোদ যোগায় ডাঃ প্ৰেমানন্দ গোস্বামীয়ে ৷ সংগীতানুষ্ঠানৰ মাজতে জাফৰিন হাচানে ঘৰত বনোৱা সুস্বাদু চেৱৈ সকলোকে বিতৰণ কৰা হয় ৷ আন আন মহিলা সদস্যসকলে ঘৰৰ পৰা বনাই অনা ঈদৰ মিঠাই অন্নৰ লগত পৰিবেশনৰ বাবে ৰখা হয় ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

পূ্ৰ্বৰ আন আন প্ৰীতি সন্মিলনীৰ দৰেই আজিও কাটাৰলৈ অসমৰ পৰা অহা নৱাগতসকলক সকলোৰে সৈতে পৰিচয় কৰাই দিয়া হয় ৷ উল্লেখ্য যে আজিৰ ঈদ সন্মিলনী উপভোগ কৰে অসমৰ পৰা চাৰিজনকৈ জ্যেষ্ঠ সদস্যই ৷

কাটাৰ অসম সমাজৰ উদ্যোগত ঈদ সন্মিলন

শলাগৰ শৰাই আৰু সমূহীয়া ফটো উঠাৰ পিছত সকলোৱে স্বাদিষ্ট ভোজন গ্ৰহণ কৰি পুনৰ দেৱালী উৎসৱত এনেদৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰমুৱা হওঁতে কেলেণ্ডাৰত তাৰিখ সলনি হৈছিলগৈ ৷

Your Comments