ৰাজ্য কঁপোৱা,মাত্ৰ ১০ টকাৰ বাবে সংঘটিত ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান

Pic

সুদীৰ্ঘ সাত বছৰৰ পিছত সোমবাৰে কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিব কিশোৰ ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।উল্লেখ যে ২০১৩ চনৰ ২৫জুনত ডিফু চহৰৰ ৰাজপথত দিন-দুপৰতে পিতৃ হৰেন শইকীয়া তথা আৰক্ষীৰ সন্মুখতে মাত্ৰ দহ টকাৰ বাবে এদল উন্মাদ জনতাৰ আক্ৰমণত প্ৰথমে আহত  আৰু তাৰ পিছত ১ জুলাইত প্ৰাণ হেৰুৱাইছিল কিশোৰ ঝংকাৰে।পুত্ৰৰ ওপৰত চলা মানুহৰূপী দানৱৰ নিৰ্মম আক্ৰমণ সেই সময়ত স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিল ঝংকাৰ অধিবক্তা পিতৃয়ে।গুৰুত্বপূৰ্ণ কথা এই যে সমগ্ৰ ঘটনাটোৰ সাতবছৰে বিচাৰৰ পিছত ন্যায়াধীশ আবিৰুদ্দিন আহমেদৰ বিচাৰপীঠে সোমবাৰে প্ৰদান কৰিব চূড়ান্ত ৰায়দান।

Pic

পিতৃৰ সৈতে বজাৰলৈ অহাৰ সময়তে সংঘটিত হোৱা নিৰ্মম ঘটনাটোত জড়িত ১৬টা অভিযুক্তৰ বিৰুদ্ধে আদালতে প্ৰদান কৰিব চূড়ান্ত ৰায়।তাৰ ভিতৰত আছে দুজন আৰক্ষী ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰা।বাকী ১৪ জন অভিযুক্ত বৰ্তমান ডিফু কাৰাগাৰত আছে।

আনহাতে,ন্যায়ালয়ৰ ৰায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।ন্যায়ালয়ৰ ৰায়লৈ বাট চাইছে ৰাজ্যবাসীয়ে।দুৰ্ভগীয়া পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল ঝংকাৰ।

উল্লেখ্য যে বহু সময়ত বিষয়টোৰ বিচাৰ লেহেমীয়া হোৱা বুলি অভিযোগ  উত্থাপন কৰিছিল দুৰ্ভগীয়া অধিবক্তা পিতৃয়ে।তাৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰতাত আজি প্ৰদান কৰা হ'ব চূড়ান্ত ৰায়দান।

Your Comments