চীনত অপ্ৰতিৰোধ্য ক'ৰ'নাৰ সংক্ৰমণ:কাৰাগাৰলৈও বিয়পিল ক'ৰ'না

Pic

চীন চৰকাৰৰ প্ৰৱল প্ৰচেষ্টাৰ পিছতো দেশখনত নিয়ন্ত্ৰণ হোৱা নাই ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ।নিতৌ আক্রান্ত ব্যক্তিৰ মৃত্যু হ'বলৈ ধৰিছে।বৰ্তমান ২,২৩৯ গৰাকী আক্রান্ত ব্যক্তিৰ মৃত্যু ঘটিছে।সকলোতকৈ ভয়ানক কথা হৈছে যে বৰ্তমান চীনৰ একাংশ প্ৰদেশৰ কাৰাগাৰলৈও বিয়পি পৰিছে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ।হুবই,ছানডং,ঝাঞ্জিয়াং প্ৰদেশৰ কাৰাগাৰলৈ এই সংক্ৰমণ বিয়পি পৰাত পৰিস্থিতি অধিক গুৰুতৰ হোৱাৰ আশংকা উৎপন্ন হৈছে।কাৰাগাৰসমূহত বৰ্তমানলৈ ৪৪৭ গৰাকী লোক আক্ৰান্ত হৈছে।

Your Comments