গন্ধমৌত ৰহস্যজনক অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

Pic

মৃণাল ডেকা,শুৱালকুছি:

 

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গন্ধমৌত শনিবাৰৰ নিশা সংঘটিত হোৱা ৰহস্যজনক অগ্নিকাণ্ডত ওৱাকাৰ ইউনিছ নামৰ ব্যৱসায়ীজনৰ চাৰিখন দোকান ভস্মীভূত হোৱাৰ লগতে 'ঈজা' নামৰ এচ ০১ জি চি ৯৫৯৪ আল্ট্ৰা বাছখনৰো বিস্তৰ ক্ষতি হয় ৷ ঘটনাৰবিৱৰণী অনুসৰি, গন্ধমৌৰ গেলামালৰ পাইকাৰী বিক্ৰীতাজনে নিশা ১০. ৩০ মান বজাত দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ কিছুসময়ৰ পিছতে ১২ মান বজাত তেওঁৰ দোকানৰ পৰা জুইৰ পোহৰ দেখা পোৱাত ওচৰ-চুবুৰীয়াৰে মাজত চিঞৰ - বাখৰ লাগে ৷ আনহাতে, একে সময়তে ১০০ মিটাৰ দূৰত ৰৈ থকা এখন বাছতো অগ্নিকাণ্ড সংঘটিত হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।পিছত ৰাইজৰ খবৰৰ ভিত্তিত শুৱালকুছিৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও দোকান চাৰিখনৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় আনহাতে,বাছখনৰ সম্মুখৰ প্ৰায় ৭০ শতাংশ ভস্মীভূত হয়৷কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে।

Your Comments