বঙাইগাঁৱত হেলমেট নিপিন্ধি মটৰ চাইকেল চলোৱাসকলক আৰক্ষীয়ে দিলে একোপাহিকৈ ৰঙা গোলাপ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা আৰক্ষীৰ যান- বাহন শাখাই ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে এখন পথ সজাগতা সভা অনুষ্ঠিত কৰে ৷ বঙাইগাঁও চহৰৰ চিলাৰায় উৰণীয়া সেতুৰ ট্ৰেফীক পইণ্টত অনুষ্ঠিত কৰা এই পথ সজাগতা সভাৰ আঁত ধৰে জিলাৰ উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকাই ৷ সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক সিংহ ৰাম মিলিয়ে উপস্থিত থাকি কয় যে পথ সুৰক্ষা মানে হ'ল পথত চলাচল কৰাসকলৰ জীৱনৰ সুৰক্ষা ৷ সেয়ে পথত যান-বাহন চলাওতে আৰু পথৰে চলা- ফুৰা কৰোতে পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি চলিব লাগে ৷ নিজে পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি চলি আনকো সজাগ কৰিব পাৰিলে সকলোৰে জীৱন সুৰক্ষিত হ'ব ৷ গতিকে আমি বিচাৰো সকলোৱে সুৰক্ষিত থাকক ৷ পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি চলক ৷ এই ক্ষেত্ৰত আমি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ লগতে যুৱ প্ৰজন্মৰ জৰিয়তে পৰিৱৰ্তন আনিব বিচাৰিছো ৷ এই পথ সুৰক্ষা সজাগতা সভাত উপস্থিত থকা ছাত্ৰ- ছাত্ৰীসকলৰ জৰিয়তে অভিভাৱক আৰু যুৱ প্ৰজন্মক পথ সুৰক্ষা সন্দৰ্ভত এটা বাৰ্তা দিব বিচাৰিছো বুলি তেওঁ কয় ৷ আনহাতে, বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপজ্যোতি নেওগে কয় যে পথ সুৰক্ষা সপ্তাহ হৈছে এটা বিশেষ সপ্তাহ,য'ত পথ সুৰক্ষা সম্পৰ্কীয় বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ তেওঁ নিজৰ বক্তব্যত কয় যে ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় ডেৰ লাখ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ একেদৰে প্ৰায় দুই লাখ লোক চিৰ জীৱনৰ কাৰণে ঘূনীয়া হয় ৷ এয়া সঁচাকৈ দুখজনক কথা ৷ তদুপৰি,পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱাসকলৰ ভিতৰত অধিকাংশই কম বয়সীয়া ল'ৰা- ছোৱালী ৷ সেয়ে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এই পথ দুৰ্ঘটনাৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰি আৰু দুৰ্ঘটনাৰ ফলত হোৱা হতাহতৰ সংখ্যা কম কৰিব পাৰি,তাৰ বাবে চিন্তা চৰ্চা কৰিছে আৰু প্ৰতিখন জিলাতো একোখনকৈ পথ সুৰক্ষা সমিতি গঠন কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে পথ সুৰক্ষা সম্পৰ্কীয় নীতি- নিৰ্দেশনা সময়ে-সময়ে আমাক দিয়ে আৰু জিলা পথ সুৰক্ষা সমিতিখনে কাম- কাজসমূহ কৰে ৷ যাতে জিলাখনত পথ সুৰক্ষাটো সুৰক্ষিত কৰিব পাৰো আৰু পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে হতাহতৰ সংখ্যা কম কৰিব পাৰো সেই মূল উদ্দেশ্য ৷ জিলা পৰিবহন বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে বিগত ২০১৯ বৰ্ষত বঙাইগাঁও জিলাত মুঠ ২৬৬ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাৰ ফলত ১১৫ জন লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱাসকলৰ বেছিসংখ্যকেই কম বয়সীয়া ল'ৰা- ছোৱালী বুলিও কয় ৷ সেয়ে বিষয়টো চিন্তাজনক ৷ গতিকে পথত নিজক সুৰক্ষিত কৰিবলৈ হ'লে পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ আমি মানি চলিব লাগিব ৷ লগতে আনকো এই বিষয়ে সজাগ কৰিব লাগিব ৷ পথ সুৰক্ষা সপ্তাহত এই বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ৷ সজাগতা সভাত বিশিষ্ট চিকিৎসক এচ কে দাস আৰু বি এচ এফৰ কমাণ্ডেণ্ট ৰাকেশে পথ সুৰক্ষা সম্পৰ্কত বক্তব্য প্ৰদান কৰে৷ সজাগতা সভাৰ পিছত হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাসকলক জিলা আৰক্ষী অধীক্ষকগৰাকীৰ লগতে অন্যান্য আৰক্ষী বিষয়াসকলে এপাহি ৰঙা গোলাপ আৰু চকলেট দি আগলৈ যাতে মটৰ চাইকেল চলাওতে নিজৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিয়ে আৰু পথ সুৰক্ষাৰ নীতি- নিয়মসমূহ মানি চলে,তাৰ বাবে সজাগ হ'বলৈ আহ্বান জনায় ৷ সজাগতা সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু লোক উপস্থিত থাকে।

Your Comments