'কা'ৰ অপপ্ৰচাৰ আৰু প্ৰকৃত সত্য সম্পৰ্কীয় গোহাৰি-পত্ৰ ঘগ্ৰাপাৰত বিজেপিৰ বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নাগৰিকত্ব (সংশোধনী)আইন ২০১৯ গৃহীত কৰাৰ আগে-পিছে একাংশ স্বাৰ্থলোভী লোকে ভয়ানক অপপ্ৰচাৰৰ দ্বাৰা অসমত শান্তিৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাই আছে বুলি বিজেপিয়ে অভিযোগ তুলিছে।লগতে দলটোৱে সমগ্র ৰাজ‍্যখনৰ লগতে নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ নেতৃত্বত 'কা'ৰ অপপ্ৰচাৰ আৰু ইয়াৰ আঁৰৰ প্ৰকৃত সত‍্যবোৰ সম্পৰ্কীয় গোহাৰি-পত্ৰ গাঁৱে-নগৰে,দোকানে-পোহৰে জনসাধাৰণক হাতে- হাতে দিয়াৰ অভিযানৰ আৰম্ভণি কৰিছে।ইয়াৰ অংশ হিচাপে দেওবাৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত কটকীয়া বুথৰ এলেকাধীন ৰাইজৰ ঘৰে-ঘৰে গৈ 'কা'ৰ সমৰ্থনত গোহাৰি-পত্ৰ বিতৰণ কৰে।এই 'কা'ৰ (সমৰ্থনত) তথা 'কা'ৰ অপপ্ৰচাৰ আৰু প্ৰকৃত সত্যৰ গোহাৰি বিতৰণ অভিযান কাৰ্য্যসূচীত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, প্ৰাক্তন সভাপতি মৃদুল কলিতা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি গৌতম কাকতি,কটকীয়া বুথ বিজেপিৰ সভাপতি নৃপেন কলিতা,বুবুল দাস,বিজেপি নেতা মনোজ ডেকা, শ্যামন্ত শৰ্মা, দ্বীপমল্ল বৰুৱা,পুলেন কলিতা আদিয়ে অংশগ্ৰহণ কৰে।উল্লেখ‍্য যে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ঘগ্ৰাপাৰ চ'কৰ দোকানে-দোকানে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাক সংগ কৰি লৈ নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ অপপ্ৰচাৰ আৰু প্ৰকৃত সত্যৰ গোহাৰি বিতৰণৰ আৰম্ভণি কৰে।

Your Comments