এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নমুনা চাবলৈ নগাঁৱত আমেৰিকাৰ বিষয়া কেনেক অস্কাৰ লুইচ

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

'অসমখন বৰ সুন্দৰ। চৌদিশ সেউজীয়া। ইয়ালৈ আহি বৰ ভাল লাগে। মই অসমলৈ এইবাৰলৈ তৃতীয়বাৰৰ বাবে আহিছোঁ।'এই মন্তব্য আমেৰিকাৰ গ্ৰেটাৰ ইমপেক্ ফাউণ্ডেচনৰ বিষয়া কেনেক অস্কাৰ লুইচৰ।ভাৰতীয় ষ্টেট বেংক(এছবিআই)ৰ অধীনত আৰু 'দৃষ্টি'ৰ তত্বাৱধানত পৰিচালিত গ্ৰাহক সেৱা কেন্দ্ৰ(চিএছপি)পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰি আমেৰিকাৰ বিষয়াগৰাকীয়ে লগতে আৰু কয়-'অসমলৈ আহি মুলতঃএইকাৰণে ভাল লাগে যে এইখন ৰাজ্যৰ মানুহ বৰ অতিথিপৰায়ণ।'তেওঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ গড়ঁক প্ৰকৃতিৰ এটা অনন্য সম্পদ আখ্যা দি মন্তব্য কৰে যে তেওঁ কাঠৰে নিৰ্মাণ কৰা গড়ৰ প্ৰতীক ক্ৰয় কৰি লগত লৈ ফুৰিছে।তেওঁ পুনৰ অসমলৈ আহিব বুলিও সদৰি কৰে।ভাৰতীয় ষ্টেট বেংকৰ অধীনত অসমত চলি থকা 'চিএছপি' আমেৰিকাৰ ভিতৰুৱা অঞ্চলসমূহত প্ৰৱৰ্তন কৰাৰ পৰিকল্পনাৰে কেনেক অস্কাৰ লুইচে দক্ষিণপাট চিএইচপিৰ পৰা কেতবোৰ তথ্যৰ বুজ লয়। ইয়াৰ পূৰ্বে আমেৰিকাৰ বিষয়াগৰাকীক প্ৰথমে অসমৰ পৰম্পৰা অনুসৰি গায়ন-বায়নৰে আদৰি চিএছপিৰ কাৰ্যালয়লৈ লৈ যায়। পিছত তেওঁক ফুলাম গোমোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়।এইদৰে আদৰণি জনোৱাত বহি:ৰাষ্ট্ৰৰ বিষয়াগৰাকী অভিভূত হৈ পৰা দেখা যায়।চিএছপিটোৰ বিচি ভাস্কৰ জ্যোতি শ‌ইকীয়াই আঁত ধৰা উক্ত অনুষ্ঠানত 'দৃষ্টি'ৰ কেন্দ্ৰীয় পৰিচালন সঞ্চালক সত্যেন মিশ্ৰ,উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক পৰাগধৰ কোঁৱৰ,তৃষ্ণা শৰ্মাকে ধৰি বেংক প্ৰতিষ্ঠানটোৰ বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।উল্লেখ্য যে দক্ষিণপাটস্থ চিএছপিটোয়ে গ্ৰাহকসকলক বেংক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসমৰ ভিতৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ৪২ খন ৰাজহ গাঁও সামৰি থকা চিএছপিটোত বৰ্তমানলৈ আঠ সহস্ৰাধিক গ্ৰাহক আছে।প্ৰতিদিনে গঢ়ে শতাধিক গ্ৰাহকে এই শাখাটোৰ জৰিয়তে ধনৰ লেনদেন কৰে।প্ৰতিমাহত প্ৰায় ১ কোটি টকাৰ লেনদেন হয় বুলি বিচি ভাস্কৰ জ্যোতি শ‌ইকীয়াই জানিবলৈ দিছে। তদুপৰি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক লোকক বীমাকৰণ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে আমেৰিকাৰ বিষয়াগৰাকীয়ে বিগত কেইবাদিনো ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত থকা একাংশ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ আৰু দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰ দুটা পৰিদৰ্শন কৰে।

Your Comments