বৰবৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ:শতাধিক ৰোগীক চিকিৎসা প্ৰদান  

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ-খাতা মৌজাক সামৰি গঠিত বৰবৰী অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'যুৱ মঞ্চ,বৰবৰী'ৰ উদ্যোগত  দেওবাৰে অনুষ্ঠিত হোৱা চকু চিকিৎসা শিবিৰত অঞ্চলটোৰ শতাধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয়। গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ সৌজন্যত বৰবৰী হাইস্কুল প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা  উক্ত চিকিৎসা শিবিৰটো বিয়লি ৩ বজালৈ অনুষ্ঠিত হয়। 'যুৱ মঞ্চ, বৰবৰী'ৰ উপদেষ্টা শিৱ চক্ৰৱৰ্তী, ত্ৰৈলোক্য ডেকা,সম্পাদক প্ৰশান্ত বৰুৱা,স্বেচ্ছাসেৱক ক্ৰমে ৰমণী মহন্ত, মনোজ ভট্ট,প্ৰণৱ ভট্ট,ভৱেশ কলিতা, মুকুট শৰ্মা,প্ৰাঞ্জল চক্ৰৱৰ্তী,অমৰজ্যোতি দাস,দীপজ্যোতি ভৰালী, চম্পক চক্ৰৱৰ্তী, হৃষিকেশ কলিতাই চিকিৎসা শিবিৰটো পৰিচালনা কৰে।আনহাতে,গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী দলটোৰ ক্ৰমে দেৱজিৎ শৰ্মা, দিপাংক ডেকা, মাধুৰ্য তামুলী, হিৰক ভট্টাচাৰ্য, কুমাৰ মগৰ,অৰ্ণৱ দাস,নিপমণি মহন্ত, বুবুল হাজৰিকাই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়। একেদৰে, চিকিৎসা সেৱা গ্ৰহণ কৰা ১২ গৰাকী ৰোগীৰ গুৱাহাটীত বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে।

Your Comments