প্ৰতীকী মেজিত কটনিয়ানে দাহ কৰিলে 'কা'ৰ প্ৰতিলিপি:চৰকাৰৰ ফেচিষ্ট কুকৰ্মসমূহক মেজিৰ জুইত দাহ কৰিবলৈ আহ্বান প্ৰতিগৰাকী অসমীয়াক

Pic

কটন বিশ্ববিদ্যালয়ত অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।সোমবাৰে পুৱাই প্ৰতিবাদৰ অংশ হিচাপে কটনিয়ানে প্ৰতীকী মেজিত দাহ কৰিলে জাতিধ্বংসী 'কা'ৰ প্ৰতিলিপি।ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ সন্মুখত শিক্ষাৰ্থী সকলে মেজি জ্বলাই দাহ কৰে আইনখনৰ প্ৰতিলিপি। 'কা'ৰ প্ৰতিলিপি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়- 'অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পালেহি।তাৰ পিছতো কিন্তু আমাৰ আনন্দ নাই।কাৰণ অসমীয়া জাতিটোক বিজেপিয়ে শেষ কৰিবলৈ ওলাইছে।' আজি আমি পাঁচ গৰাকীকৈ শ্বহীদক হেৰুৱাইছো।তাৰ পিছতো চৰকাৰে ৰাইজৰ আন্দোলনৰ প্ৰতি শ্ৰদ্ধা জনোৱা নাই।সেই প্ৰসংগ উল্লেখ কৰি কলিতাই অসমবাসী ৰাইজক আহ্বান জনায় কয়- 'মেজিৰ তলত সকলো অসমীয়া ৰাইজে জাতি ৰক্ষাৰ পণ লওঁক।চৰকাৰে উলিওৱা ৰাজপত্ৰিত নাগৰিকত্ব সংশোধিত আইনৰ প্ৰতিলিপি সকলোৱে দাহ কৰক' প্ৰতিলিপি দাহ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয়-'চৰকাৰৰ চৰিত্ৰ উদঙাই দিব পৰা সকলো কাম ছাত্ৰ সমাজে কৰি যাব জাতি-কৃষ্টি ৰক্ষাৰ স্বাৰ্থত।' "প্ৰতীকী মেজিত 'কা' দাহ কৰি উত্থাপন কৰিব বিচাৰিছো যে অসমীয়া কৃষ্টি-সংস্কৃতি চৰকাৰৰ ফেচিবাদী নীতিতকৈ উৰ্ধত।অসমীয়া কৃষ্টি-সংস্কৃতিৰ মেজিৰ জুইয়ে যাতে চৰকাৰৰ ফেচিবাদী নীতিক ধ্বংস তথা জ্বলাই শেষ কৰি দিব পাৰে, তাৰ আদর্শ হিচাপে জ্বলোৱা হৈছে"-বৰদলৈয়ে কয়। "প্ৰতিগৰাকী অসমীয়াৰ ঘৰত এই জুইকুৰা জ্বলিব লাগে।চৰকাৰৰ প্ৰতিটো ফেচিবাদী কু-কৰ্ম জ্বলাই শেষ কৰিব লাগে"- অসমবাসী ৰাইজক আহ্বান জনাই বৰদলৈয়ে।

Your Comments