নেছ'ৰ অসম বন্ধলৈ পূৰ্ণ সমৰ্থন জনালে মহানগৰীৰ জনতাই

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেছ'ৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ১১ ঘন্টীয়া অসম বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়ালে মহানগৰীৰ জনতাই।'কেব' বাতিলৰ দাবীত কোনো সংগঠনৰ বেনাৰত নহয়,স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল জনতা।

জনতাৰ প্ৰতিবাদত ভিআইপি-ভিভিআইপি কোনো সাৰি নগ'ল।

দিছপুৰৰ জনতাৰ ভৱনৰ সন্মুখত আৰক্ষীৰ আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিৱেশৰ সৃষ্টি হয়।আন্দোলনকাৰী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু লাঠীচার্জ কৰিব লগা হয়।

তাৰ পিছতে পুনৰ প্ৰতিবাদী জনতা আগবাঢ়ে মন্ত্ৰী আৱাসৰ অভিমুখে।মন্ত্ৰী আৱাসৰ সমীপত কেব বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ।ৰাজপথত জ্বলাই দিয়ে টায়াৰ।সকলোৰে দাবী কেব বাতিল কৰক অন্যথা মৰিবলৈ সাজু অসমীয়া।

Your Comments