গোলাঘাটত 'কেব'ৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ ছাত্ৰ সমাজৰ

Pic
গোলাঘাটৰ প্ৰতিবেদক: গোলাঘাটত 'কেব'ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ ছাত্ৰ সমাজৰ।শনিবাৰে পুনৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু হেমপ্ৰভা বৰবৰা কন্যা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে জাতিধ্বংসকাৰী কেবৰ বিৰুদ্ধে।কোনো কাৰণতে কেব মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সমাজৰ।ৰাজপথৰ ওপৰত জুমুঠি জ্বলাই,ছাত্ৰ সমাজে পথৰ ওপৰতে শুই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক উদ্দেশ্য কৰি প্লে'কাৰ্ড প্ৰদৰ্শন কৰি উত্তাল কন্ঠৰে ছাত্ৰ ঐক্য জিন্দাবাদ ধ্বনিৰে সমগ্ৰ চহৰখনতে এটা প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।গোলাঘাট আৰক্ষীয়ে এই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধা নেওচি হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কেবৰ বিৰুদ্ধে এই জুই জ্বলি থাকিব বুলি শ্ল'গান দি নিজৰ স্থিতিত অটল থাকে।

Your Comments