বঙাইগাঁও জিলালৈ 'স্কোচ এৱাৰ্ড'

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ পূৰ্বৰ উপায়ুক্ত তথা বৰ্তমান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে বঙাইগাঁও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতে জিলাখনৰ গাতে লাগি থকা কাকৈজানা বনাঞ্চলৰ বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে এমজিএনৰেগা আঁচনিৰ অধীনত গ্ৰহণ কৰা কাৰ্যব্যৱস্থা আৰু জিলাখনৰ ৰাইজৰ সুস্বাস্থ্য তথা স্বাস্থ্যসন্মত ভৱিষ্যতৰ লক্ষ্য সন্মুখত ৰাখি আৰম্ভ কৰা 'স্বাস্থ্য সমৃদ্ধি সমাৰোহ'ৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে দেশৰ আৰ্থ- সামাজিক উন্নয়নৰ হকে কাম কৰি থকা স্কোচ গ্ৰুপ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে বঙাইগাঁও জিলা প্ৰশাসনলৈ দুটাকৈ 'স্কোচ এৱাৰ্ড' আগবঢ়াইছে।এই উপলক্ষে যোৱা ২৯ নৱেম্বৰত নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত ইণ্ডিয়ান ইকন'মিক ফ'ৰামৰ এক বিশেষ অনুষ্ঠানত বঙাইগাঁও জিলা প্ৰশাসনলৈ এই বঁটা প্ৰদান কৰে।উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানত বঙাইগাঁও জিলাৰ পূৰ্বৰ জিলা উপায়ুক্ত আদিল খান উপস্থিত থাকি এই বঁটা গ্ৰহণ কৰে।বঁটা গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বঙাইগাঁও জিলাৰ ডিপিএম স্মিতা ৰয়(District Program Manager)আৰু জিলা কমিউনিটি ম'বিলাইজাৰ( District community mobilizer) পাৰ্থ সাৰথি দাসো উপস্থিত আছিল।বঙাইগাঁও জিলা প্ৰশাসনে এই বঁটা লাভ কৰি জিলাবাসী ৰাইজৰ বাবে গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Your Comments