দৰং জিলা কবি সন্মিলনৰ জ্ঞানবিকাশ একাডেমীত 'আঘোণত কবিতাৰ সুবাস'

Pic

দলগাঁৱৰ প্ৰতিবেদক :

শতাধিক নবীন-প্ৰবীণ কবিৰ কবিতা পাঠেৰে জীপাল হৈ পৰিল মঙলদৈৰ জ্ঞানবিকাশ একাডেমীৰ প্ৰেক্ষাগৃহ । দৰং জিলা কবি সন্মিলনৰ উদ্যোগত আৰু জ্ঞানবিকাশ একাডেমীৰ সহযোগত আয়োজন কৰা 'আঘোণত কবিতাৰ সুৱাস' শীৰ্ষক মন পৰশা কবি সন্মিলনখন অলপতে কবি প্ৰফুল্ল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয়।একাডেমীৰ অধ্যক্ষ কুশল কলিতাই সন্মিলনখন উদ্বোধন কৰে। একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে সংস্কৃত মংগলাচৰণৰে আৰম্ভ কৰা সন্মিলনখনত উপস্থিত থাকে অসম কবি সন্মিলনৰ সহকাৰী সম্পাদক ৰাজীৱ হুছেইন।কবি জীৱন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত প্ৰবীণ কবিসকলৰ ভিতৰত হৰেন্দ্ৰ ৰাজবংশী, আব্দুল মালিক, স্বাস্বতী শৰ্মা, ৰঞ্জিতা শৰ্মা, পপী চহৰীয়া, বিজয় কুমাৰ বৰুৱা, মলয় ৰাজ, অনিমা চহৰীয়া, কুশল কলিতা, জীৱন শৰ্মা আদিৰ উপৰি নবীনসকলৰ ভিতৰত সুমন ডেকা, সুকন্যা স্বজাতি, কাকলি ডেকা, হিমাশ্ৰী বৈশ্য, ৰাজশ্ৰী শৰ্মা, দীপান্বিতা কলিতা, আফচানা আশ্ৰীন, হৃষীকেশ শৰ্মা, হিমৰাজ হাজৰিকা, ঝুলন কুমাৰ দাস, আমিৰুল ইছলাম, মনীষা ডেকা আদিয়ে স্বৰচিত কবিতা পাঠ কৰে ।ছাত্ৰী সাগৰিকা নাথে আধুনিক গীত আৰু পঞ্চমী চৰকাৰে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা অনুষ্ঠানটোত কল্যাণ ৰঞ্জন চহৰীয়াৰ এক মিনিটৰ গল্প 'বৃদ্ধাশ্ৰমে' সকলোকে মন্ত্ৰমুগ্ধ কৰে।

Your Comments