১নং হাজো গাওঁ পঞ্চায়তৰ অগপ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে বিভিন্ন সমিতি গঠন

Pic

হাজোৰ পৰা কমলাকান্ত দাস: কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত ১নং হাজো গাওঁ পঞ্চায়ত আঞ্চলিক সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা দেওবাৰে অনুষ্ঠিত কৰা হয় । প্ৰায় তিনি শতাধিক যুৱ-মহিলা আৰু দলীয় সমৰ্থকৰ উপস্থিতিত হাজোস্থিত বিষ্ণুৰাম মেধি শিশু কল্যাণ ভৱনত অনুষ্ঠিত কৰা হয় এই সভাখন।অগপ দলৰ জ্যেষ্ঠ নেতা গোলোক ওজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অগপ দলৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনৰ লগতে যুৱ পৰিষদৰ নেতা আতাউৰ ৰহমান আৰু ৰাতুল ভৰালীও উপস্থিত থাকি সাংগঠনিক দিশত বক্তব্য প্ৰদান কৰি আঞ্চলিকতাবাদ সুদৃঢ় কৰাৰ আহবান জনায়।সভাত ১নং হাজো পঞ্চায়ত পৰিষদৰ সমিতি ডিম্বেশ্বৰ ভৰালী (সভাপতি),কমল দাস (সম্পাদক),কংকন দাস(সম্পাদক,তথ্য-প্ৰযুক্তি)ক লৈ সমিতি গঠন কৰা হয়।মহিলা পৰিষদ সমিতিৰ বিৰজা হাটখোৱা(সভানেত্ৰী),দিপালী দাস (সম্পাদিকা),জোনালী দাস (সম্পাদিকা, তথ্য আৰু প্ৰযুক্তি)ক লৈ সমিতি গঠন কৰা হয় ।অসম যুৱ পৰিষদৰ ভূপেন দাস (সভাপতি) কমল কুমাৰ (সম্পাদক) হিমাংশু দাস(সম্পাদক,তথ্য আৰু প্ৰযুক্তি)সমিতি গঠন কৰা হয়।

Your Comments