বীৰ চিলাৰায় স্বৰ্ণ কাপ ফুটবলত আসাম ৰেজিমেণ্টেল চেন্টাৰ চেম্পিয়ন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ছিলঙৰ আসাম ৰেজিমেণ্টেল চেণ্টাৰ ফুটবল দলে বঙাইগাঁৱৰ বৰ্ষণগাঁওস্থিত চিলাৰায় ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় বীৰ চিলাৰায় স্বৰ্ণকাপ চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত আসাম ৰেজিমেণ্টেল দলে ওদালগুৰী দৈমালু ফুটবল ক্লাবক ৫-০ গলত পৰাজিত কৰে। বিজয়ী দলৰ হৈ এল ৰছেন্দ্ৰ, ছেলিনো কাথ ৰেংমা, এইছ ভিজেজ, এন জাপেছ আৰু জে বেলালবেলাই এটাকৈ গল দিয়াত ওডালগুৰী দৈমালু ফুটবল ক্লাবক ৫-০ গলত পৰাজিত কৰে ৷ আজিৰ চূড়ান্ত খেলখন পৰিচালনা কৰে ৰেফাৰী দেৱাশীষ মজুমদাৰে। তেওঁক লাইনত সহায় কৰে হিৰেণ বৰ্মণ আৰু নৱজিৎ বসুমতাৰীয়ে ৷ চতুৰ্থ ৰেফাৰী হিচাপে আছিল বিকাশ লামা ৷ প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বিজয়ী দলক ট্ৰফী সহ নগদ পঞ্চাশ হেজাৰ টকা প্ৰদান কৰে ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ বিজিত দলক ট্ৰফীসহ নগদ ত্ৰিশ হেজাৰ টকা প্ৰদান কৰে অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক প্লাৱন বৰুৱাই ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিজয়ী দলৰ এন জাপেছক জ্যোতিষ সৰকাৰ সোঁৱৰণী বঁটাৰ ট্ৰফী প্ৰদান কৰে জেলকাঝাৰ নিবাসী ভৱেন সৰকাৰে ৷

Your Comments