বাঘজানৰ অইল ইণ্ডিয়াৰ তেল খাদটোত কৰ্মৰত দুই কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ।এনডিআৰএফ দলে উদ্ধাৰ কৰিছে লোক দুজনৰ মৃতদেহ।মৃতদেহ দুটা দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোঁহাইৰ।উল্লেখ যে মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল কৰ্মচাৰী দুজন।অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত আছিল দুয়োজন।বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত তাত কৰ্মৰত অৱস্থাত আছিল দুয়োজন।
গুৰুত্বপূৰ্ণ যে বৰ্তমানো জ্বলি আছে বাঘজানৰ জুই।অইল ইণ্ডিয়াই সকলো দায়িত্বৰ পৰা দূৰত্বত অৱস্থান কৰিছে।প্ৰতি মুহূৰ্তত শংকা বৃদ্ধি পাইছে ৰাইজৰ।
News ASN 24x7
House No-26, Madhuban Govt. Press Road, Bamunimoidam Guwahati-781021, Assam, India.
E-Mail: newsasn6@gmail.com
Copyright © 2018-2021. All Rights Reserved.
Powered by Rongjeng Technologies