বজাৰলৈ আহিছে 'পিন্ধিব পৰা চকী':অৱসান ঘটিব ঠিয় হৈ দীঘলীয়া অপেক্ষা কৰাৰ যন্ত্ৰণাৰ

Chair

দীঘলীয়া শাৰীত অথবা বাছ বা ৰেল ষ্টেচনত ঠিয় হৈ বহু সময় অপেক্ষা কৰাটো কিমান আমনি আৰু যন্ত্ৰণাদায়ক,তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই।কিন্তু,শীঘ্ৰে বহু লোকৰ বাবে এনে যন্ত্ৰণাৰ অৱসান হ'ব।কাৰণ বজাৰলৈ আহিছে পিন্ধিব পৰা চকী।কাপোৰ আৰু দুডাল সৰু ষ্টেণ্ডেৰে নিৰ্মিত এই বিশেষ চকী মানুহে কঁকালত পিন্ধি গতিশীল হৈ থাকিব পাৰে আৰু বহিব খুজিলে ই আপোনাআপুনি খোল খাই পৰে।গতিকে,দীঘলীয়া অপেক্ষাৰ সময়ত মানুহে ইয়াত বহি ঠিয় হৈ থকাৰ যন্ত্ৰণাৰ অৱসান ঘটাব পাৰিব।এই চকীয়ে ১২০ কিল'গ্ৰামলৈকে ওজন সহিব পাৰিব।
ভাৰতীয় টকাৰ হিচাপত এই চকীৰ দাম বৰ্তমান প্ৰায় ১৩,০০০ টকা হ'ব।

Your Comments