অৰ্থনৈতিক সংকট নমোৱা মোডী চৰকাৰৰ কাৰ্যকালত ‘আচ্ছে দিন’নাহে দেশবাসীৰ

asn

বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে দেশৰ অৰ্থনীতিত প্ৰবল আঘাত হানিছে। ৮৬ শতাংশ নোট আকস্মিকভাৱে প্ৰত্যাহাৰ কৰাৰ লগতে নগদ ধনৰ লেনদেনৰ ওপৰত প্ৰতিবন্ধকতা অনাৰ বাবে ঘৰুৱা উৎপাদনৰ বিকাশত বিৰূপ প্ৰভাৱ পৰিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজন, ডঃ মনমোহন সিং, অমৰ্ত্য সেনৰ দৰে শতাধিক অৰ্থনীতিবিদে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মাত মতাত বিৰোধীৰ ৰাজনীতি বুলি নস্যাৎ কৰি দিয়া মোডী চৰকাৰৰ স্বৰূপ আজি স্পষ্ট হৈ পৰিছে। নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ৭০ বছৰৰ ভিতৰত দেশৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ এনে ভয়াৱহ সংকটৰ সন্মুখীন প্ৰথমবাৰৰ বাবে হোৱা বুলি কৰা মন্তব্যই অধিক স্পষ্ট কৰি দিলে যে দেশৰ অৰ্থনীতি পৰিচালনা কৰাত নৰেন্দ্ৰ মোডী চৰকাৰ সম্পূৰ্ণ বিফল হৈছে। বিমুদ্ৰাকৰণ, জিএছটিৰ লগতে কৃষি খণ্ডৰ উৎপাদন হ্ৰাস, নাগৰিকৰ উপাৰ্জন হ্ৰাস, নিয়োগৰ ক্ষেত্ৰখনত সংকট, নাগৰিকৰ ক্ৰয় ক্ষমতা হ্ৰাস, পুঁজিৰ প্ৰচলন হ্ৰাস, স্থানীয় গ্ৰাহকৰ সংখ্যা কম আদি কাৰণত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আজি মন্দাৱস্থাৰ আৰম্ভ হৈছে। বিশ্বৰ তড়িৎ গতিত আগবঢ়া অৰ্থনীতিৰ দেশসমূহৰ ভিতৰত ভাৰত আগত আছিল বুলি বিজেপি চৰকাৰে প্ৰকাশ কৰা মন্তব্য এক ভুৱা প্ৰচাৰ আছিল। নিৰ্বাচনৰ পূৰ্বে মোডীৰ হাতত দেশৰ অৰ্থনীতি সুৰক্ষিত বুলি প্ৰচাৰ চলোৱাটো যে এটা অতি তৰল ৰাজনীতি আছিল, সেইটো এতিয়া স্পষ্ট হৈ পৰিল। অৰ্থনৈতিক ক্ষেত্ৰখনৰ সংস্কাৰৰ নামত গ্ৰহণ কৰা মোডী চৰকাৰৰ সিদ্ধান্তসমূহ ভুল আছিল বুলি স্পষ্ট হৈ পৰিল, দেশক এক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিলে বিজেপি চৰকাৰে। মোডী চৰকাৰ বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ পক্ষত থিয় হ’ল যদিও কৰ্প’ৰেট গোষ্ঠীৰ পৰা পুঁজি বিনিয়োগ কৰোৱাত সম্পূৰ্ণ বিফল হ’ল। বিনিয়োগ নহ’লে শিল্পায়ন নহয়, শিল্পায়ন নহ’লে সংস্থাপন নহয় আৰু সংস্থাপন নহ’লে ক্ৰয় ক্ষমতা বৃদ্ধি নহয়। ফলত স্থানীয় বজাৰত আঘাত পৰে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ অন্যতম ভিত্তি জিডিপি অৰ্থাৎ ঘৰুৱা উৎপাদনৰ হাৰ, অৰ্থনৈতিক উন্নয়নৰ হাৰ, সংস্থাপনৰ হাৰ আৰু বিনিয়োগৰ হাৰ বৃদ্ধি হোৱাটো। লক্ষণীয়ভাৱে এই তিনিওটা ক্ষেত্ৰতে উন্নয়নৰ গতি অতি তড়িৎ গতিত হ্ৰাস পাইছে। যোৱা ৫ বছৰৰ ভিতৰত ঘৰুৱা উৎপাদনৰ হাৰ অধিক হ্ৰাস পালে। ভাৰতৰ ঘৰুৱা উৎপাদনৰ হাৰ ৭ৰ পৰা ৮ শতাংশ বৃদ্ধি পাব বুলি প্ৰচাৰ চলোৱা মোডী চৰকাৰৰ দিনত এপ্ৰিল-জুন, ২০১৯ত ৫.৮ শতাংশলৈ হ্ৰাস পালে। জুলাই-ছেপ্টেম্বৰত ৫.২ শতাংশ। প্ৰকৃতাৰ্থত ইয়াতকৈও ২.৫ শতাংশ কম। মোডী চৰকাৰে নতুন নতুন সূত্ৰৰে এই তথ্যসমূহ বেছিকৈ দেখুৱাবলৈ চেষ্টা কৰি আহিছে। আন্তৰ্জাতিক মুদ্ৰা নিধি, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ মতে ভাৰতে নিৰ্ধাৰিত ঘৰুৱা উৎপাদনৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে। মোডী চৰকাৰৰ ভুল নীতিসমূহৰ বাবে প্ৰতিটো ক্ষেত্ৰতে ভয়ংকৰ সংকট সৃষ্টি হৈছে :
– ৩৭ নিযুত কৃষকে যোৱা বছৰত কৃষি ক্ষেত্ৰ এৰিবলৈ বাধ্য হৈছে।
– দেশত কৃষকৰ আত্মহনন ৪২ শতাশলৈ বৃদ্ধি পালে।
– যোৱা ৫ বছৰত গ্ৰাম্য ভাৰতত ৪.৭০ কোটিৰ সংস্থাপন নাইকিয়া হ’ল।
– কৃষি ক্ষেত্ৰত উৎপাদন ২.৭ শতাংশলৈ হ্ৰাস পালে।
– ২৫ নিযুত মহিলাই কৰ্মক্ষেত্ৰ ত্যাগ কৰিছে।
– শ্ৰম শক্তি ৪৭.২ কোটিৰ পৰা ৪৫.৭ কোটিলৈ হ্ৰাস পালে।
– ৰাজহুৱা খণ্ডৰ বেংকত ৯.৮৯ লাখ কৰ্মচাৰী, বৰ্তমান ৯.১২ লাখলৈ হ্ৰাস পালে।
– চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন’মীৰ প্ৰতিবেদন মতে, ২০১৬ৰ অক্টোবৰৰ পৰা ২০১৭ৰ অক্টোবৰলৈ বিমুদ্ৰাকৰণ আৰম্ভ হোৱাৰ লগে লগে ৯০ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে।
– কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ৩৩.২৮ লাখৰ পৰা ৩২.৫৩ লাখলৈ হ্ৰাস পালে।
– তথ্য-প্ৰযুক্তি আৰু অন্যান্য প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ৬৯ শতাংশ চাকৰি বৰ্তমান অনিশ্চয়তাৰ গহ্বৰত।
– ১৬০০ কোটি ৰাহি কৰাৰ লক্ষ্যৰে সেনাবাহিনীৰ ১.৫০ লাখ সৈনিকক চাটাই কৰাৰ সিদ্ধান্ত।
– নিৰ্মাণ খণ্ডত ১০ শতাংশ হাৰে থকা কৰ্মসংস্থাপনৰ গতি ৪ শতাংশলৈ হ্ৰাস পালে।
– শেহতীয়াভাৱে অট’মোবাইল খণ্ডত ৪ লাখৰ চাকৰি গ’ল।
– ৩০টা তীখা উদ্যোগ বন্ধ হ’ল।
– ৪৫ বছৰৰ পিছত ২০১৮ত দেশত নিবনুৱা হাৰ ৬.১ শতাংশ হ’ল। ২০১৯ৰ জুনত ৮.১ শতাংশলৈ বৃদ্ধি পালে।
– বস্ত্ৰ উদ্যোগৰ ৩ কোটি শ্ৰমিকলৈ ভাবুকি আহিছে।
– দেশৰ ৩০ শতাংশ শিক্ষিত যুৱক-যুৱতী বৰ্তমান নিষ্ক্ৰিয়।
– ডলাৰৰ তুলনাত টকাৰ মূল্য ৯ মাহৰ ভিতৰত সৰ্বনিম্ন, ৭২.০৩ টকা।
– ২০১৮ৰ মাৰ্চৰ তুলনাত ২০১৯ৰ মাৰ্চত বিনিয়োগ ৪৬ শতাংশ হ্ৰাস পালে। 
– ৰে’ল বিভাগত ৩ লাখ কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্ত।
– দেশৰ মন্দাৱস্থাৰ জোৰা মাৰিবলৈ মোডী চৰকাৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সম্পত্তি বিক্ৰীৰ পদক্ষেপ গ্ৰহণ কৰিছে। 
– ২০১৮ বৰ্ষত নিৰ্বিনিয়োজনৰ দ্বাৰা ৮৫,০০০ কোটি সংগ্ৰহ কৰাৰ পিছত ২০১৯ত ৯০,০০০ কোটি সংগ্ৰহৰ লক্ষ্যৰে ৩৫টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ ভয়ানক সিদ্ধান্ত।
মোডী চৰকাৰৰ ভুল নীতি আৰু ধ্বংসাত্মক সিদ্ধান্তসমূহৰ বাবে দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহলৈ সংকট নামিছে। আৰ্থিক মন্দাৱস্থাৰ জোৰা মাৰিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বেংকসমূহক পুনৰুজ্জীৱিতকৰণৰ বাবে ৭০ হাজাৰ কোটি টকা দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে। বেংকৰ এনে অৱস্থাৰ বাবে দায়ী মোডী চৰকাৰ। মোডী চৰকাৰৰ পৃষ্ঠপোষকতাত বেংকসমূহে পুঁজিপতি গোষ্ঠীক ঋণ মাফ কৰি দিছে ক্ৰমে ২০১৫ত ৪৯,০১৮ কোটি, ২০১৬ত ৫৭,৫৮৫ কোটি, ২০১৭ত ৮১,৬৮৩ কোটি, ২০১৮ত ৮৪,২৭২ কোটি টকা। মোডী চৰকাৰৰ দিনত বেংকসমূহত অনাদায়ী ঋণৰ পৰিমাণ ৬ লাখ কোটি অতিক্ৰম কৰিলে। বিজেপি চৰকাৰৰ লগত বিশেষ সম্পৰ্ক থকা টাটা, আম্বানী ভাতৃ, আদিত্য বিৰলা, মহিন্দ্ৰ-বিজেন্দ্ৰ, আডানি গ্ৰুপ, জে এছ ডব্লিউ গ্ৰুপ, বাজাজ, মুৰুপাকা গ্ৰুপ আদিয়ে বেংকক দিবলগা আছে এই বৃহৎ অংকৰ ধন। এই বৃহৎ গোষ্ঠীসমূহক সহায় কৰাৰ স্বাৰ্থত মোডী চৰকাৰে ২০১৬ৰ জুলাইত ২২,৯১৫ কোটি টকা আৰু ২০১৭-১৮ বৰ্ষত ৮০ হাজাৰ কোটিৰ বণ্ড হিচাপে আৰু ৮,১৩৯ কোটি টকা মূলধনী সহযোগ আগবঢ়াইছিল। মোডী চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত ৰাজহুৱা খণ্ডক ইতিমধ্যেই ধ্বংসৰ পথলৈ ঠেলি দিছে।
মোডী চৰকাৰে নতুন ভাৰতৰ নামত ২০১৭ চনৰ ১ জুলাইত প্ৰৱৰ্তন কৰা জিএছটি ব্যৱস্থাৰ ফলত দেশৰ আৰ্থিক সংকটলৈ অৰিহণা আগবঢ়াইছে। জিএছটি ব্যৱস্থাই সংকট নমোৱাৰ বাবেই ২০১৮ চনৰ ১২ ডিচেম্বৰত মোডী চৰকাৰে ‘গ্ৰুপ অব্ মিনিষ্টাৰ্ছ’গঠন কৰি দিছিল। জিএছটি ব্যৱস্থাৰ বাবেই দেশৰ ১৮টা উদ্যোগ  খণ্ডৰ প্ৰায় সকলোতে সংকট নামিছে। মোডী চৰকাৰে একপক্ষীয়ভাৱে জিএছটি জাপি দিয়াৰ বাবে দেশৰ লগতে ৰাজ্যৰ প্ৰাপ্য ৰাজহ হ্ৰাস পাইছে। ৰাজ্যসমূহত ৪৩ শতাংশ কম ৰাজহ সংগ্ৰহ হৈছে। কেন্দ্ৰীয় চৰকাৰে জিএছটি নিৰ্ধাৰিত পৰিমাণে সংগ্ৰহ কৰিব নোৱাৰাত ৰাজ্যসমূহক প্ৰাপ্য অংশ দিব পৰা নাই। ফলত অন্য ৰাজ্যৰ লগতে অসমতো উন্নয়ন স্থবিৰ হৈ পৰিছে।
দেশৰ আৰ্থিক ক্ষেত্ৰৰ এনে অৱস্থাৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত হোৱা ঘটনা প্ৰৱাহৰ বাবে আগন্তুক বছৰসমূহত দেশবাসীয়ে অধিক আৰ্থিক সংকটৰ সন্মুখীন হ’ব লাগিব। ক্ষমতা দখলৰ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা আঁতৰাবৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক।

Your Comments