উত্তৰ প্ৰদেশৰ সোণভদ্ৰত গণসংহাৰ:যোগী চৰকাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ প্ৰতিবাদ

up

উত্তৰ প্ৰদেশৰ সোণভদ্ৰৰ ঘোঁৰাৱল থানা এলেকাৰ মূৰ্তিয়া গাঁৱত বুধবাৰে মাটি দখল বিবাদত হোৱা গুলীচালনাত ১০ জন লোকৰ মৃত্যু ঘটিছিল।মাটি দখল কৰিবলৈ যোৱা এজন গাওঁবুঢ়াৰ অনুগত বাহিনীয়ে গাঁওবাসীৰ ওপৰত গুলী চলোৱাত ১০ জন ব্যক্তিৰ মৃত্যু ঘটিছিল।এই ঘটনাৰ বিৰুদ্ধে এতিয়া উত্তৰ প্ৰদেশতে ব্যাপক প্ৰতিবাদ হৈছে।সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এয়া উত্তৰ প্ৰদেশৰ আইন-শৃংখলাৰ পৰিস্থিতি চূড়ান্ত অৱনতিৰ প্ৰমাণ বুলি বিৰোধী দলসমূহে মন্তব্য কৰিছে।কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰিছে যে যোগী চৰকাৰৰ শাসনত অপৰাধীসকলৰ সাহস ইমান বৃদ্ধি পাইছে যে সিহঁতে দিন-দূপৰতে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছে।

up

ইফালে,সোণভদ্ৰত নিহত লোক সকলৰ পৰিয়াল-পৰিজনক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু দলীয় নেতা-কৰ্মীসকলৰ কনভয়ক আধবাটতে বাধা দি ৰখাই দিয়ে আৰক্ষীয়ে।আনহাতে,উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই গণসংহাৰৰ লগত জড়িত বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

Your Comments