ৰাজ্যৰ জটিল বান পৰিস্থিতি:৩১ জুলাইত প্ৰকাশ নাপাব পাৰে এনআৰচিৰ চূড়ান্ত তালিকা

nrc

ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ বাবে অহা ৩১জুলাইত প্ৰকাশ নাপাব পাৰে এনআৰচিৰ চূড়ান্ত তালিকা।ইতিমধ্যে,এনআৰচি কৰ্তৃপক্ষই চূড়ান্ত তালিকা প্ৰকাশৰ নিৰ্দিষ্ট দিন ৩১ আগষ্ট কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত অহা ২৩ জুলাইত উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰিব চূড়ান্ত শুনানি।

উল্লেখ্য যে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়লৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি ৰাজ্যৰ জটিল বান পৰিস্থিতিৰ বাবে বহুতো কেন্দ্ৰত বাকী আছে দাবী-আপত্তি শুনানিৰ প্ৰক্ৰিয়া। তাৰ বাবে এতিয়াও সম্পূৰ্ণ হ'বলৈ বাকী আছে চূড়ান্ত তালিকা প্ৰস্তুত কৰা।

Your Comments