ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ মহানুভৱতা:অসমৰ বানাক্ৰান্তলৈ আগবঢ়ালে ২ কোটি টকাৰ সাহায্য

akhaykumar

নিউজ ডেস্ক:
অসমৰ বানাক্ৰান্তলৈ ২ কোটি টকাৰ সাহায্য আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।ছুপাৰষ্টাৰ অক্ষয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ১ কোটি টকা সাহায্য হিচাপে আগবঢ়াইছে।অক্ষয়ে টুইট কৰি বানাক্ৰান্ত অসমৰ ৰাইজৰ দুৰ্দশাত দুখ প্ৰকাশ কৰে আৰু উক্ত ধন সাহায্য হিচাপে আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰে।তেওঁ অন্য নাগৰিকসকলকো অসমৰ বানাক্ৰান্তসকলক সহায় কৰাৰ বাবে আহ্বান জনায়।


অক্ষয় কুমাৰে অসমৰ বানাক্ৰান্তলৈ আগবঢ়োৱা অৰ্থসাহায্যৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে।আনহাতে,অসমৰ সচেতন নাগৰিক সমাজে অক্ষয় কুমাৰক তেওঁৰ মহানুভৱতাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে।জনতাৰ প্ৰতি দায়বদ্ধ  এজন প্ৰকৃত শিল্পী বুলি অক্ষয় কুমাৰক অসমবাসীয়ে  আখ্যা দিছে।

Your Comments