গুৱাহাটীবাসীৰ বাবে সুখবৰ: বুধবাৰে ৮ ছে:মি: হ্ৰাস পাইছে লুইতৰ জলস্তৰ

ghy

নিউজ ডেস্ক:

গুৱাহাটীবাসীৰ বাবে সুখবৰ। গুৱাহাটীত মঙলবাৰৰ তুলনাত আজি ৮ ছে:মি হ্ৰাস পাইছে জলস্তৰ। গুৱাহাটীৰ ডি চি কোৰ্টৰ সমীপত লুইতৰ জলস্তৰ মঙলবাৰে আছিল ৫১.২৩ মিটাৰ। আজি এই জলস্তৰ হ্ৰাস পাই হৈছেগৈ ৫১.১৪ মিটাৰ। কেন্দ্ৰীয় জল আয়োগে এই তথ্য জনাইছে। জলস্তৰ এনেদৰে হ্ৰাস পোৱাত গুৱাহাটীৰ ফাঁচীবজাৰ, পাণবজাৰলৈ লুইতৰ ভাবুকি কিছু লাঘৱ হৈছে।

Your Comments