ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি:৩১ খন জিলাৰ ৫০ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ban

নিউজ ডেস্ক:
বুধবাৰেও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি।লুইতৰ বিধ্বংসী বানত ৩১ খন জিলাৰ ৫০ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত।আজিও পানীৰ তলত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।উজনি-নামনিত জলবন্দী হৈ আছে লক্ষধিক লোক।আজিৰ দিনটোলৈ বানত ১৭ জন লোকৰ মৃত্যু হৈছে।ban2

ইফালে,গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত লুইতৰ জলস্তৰ মঙলবাৰৰ তুলনাত কিছু হ্ৰাস পাইছে।অৱশ্যে গুৱাহাটীৰ চন্দ্ৰপুৰ,পানীখাইতী আদি এলেকাত বান পৰিস্থিতি শোচনীয় হৈ আছে।উত্তৰ গুৱাহাটীৰ লেঙা,কুৰুৱাতো বান পৰিস্থিতি জটিল হৈ আছে।

Your Comments