উত্তৰ গুৱাহাটী-আমিনগাঁও-লেঙাত জটিল বান পৰিস্থিতি

uttar

নিউজ ডেস্ক:
উত্তৰ গুৱাহাটীৰ বান পৰিস্থিতিয়ে ক্ৰমে উদ্বেগজনক ৰূপ লৈছে। লুইতৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে উত্তৰ গুৱাহাটীবাসী ৰাইজ আতংকিত হৈ পৰিছে।মঙলবাৰে উত্তৰ গুৱাহাটী-আমিনগাঁও সংযোগী পথছোৱাৰ অভয়পুৰ তিনিআলি চ'কৰ সমীপৰ পথ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুব যায়। সেইদৰে আমিনগাঁৱৰ লঠিয়াবাগিছা আৰু মৰিয়াপট্টীৰ বহু ঘৰ বৰ্তমান লুইতৰ বাঢ়নী পানীৰ তলত। এই অঞ্চলসমূহৰ আবাসীসকলৰ অভিযোগ যে বৰ্তমানলৈকে তেওঁলোকে  লাভ কৰা নাই কোনো চৰকাৰী বান  সাহায্য।আনহাতে, বানপানীৰ মাজত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আমিনগাঁওৰ বান পীড়িতসকলে। 

ইফালে,কলেজ চ'ক-মধুপুৰ সংযোগী পথছোৱাত একাঠুৰ অধিক পানী।শিলসাঁকো এলেকাৰ কেইবাটাও পৰিয়ালৰ  ঘৰত বানপানী সোমোৱাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ, মধ্যমখণ্ড,মাজগাওঁ, ঘোঁৰামাৰা,টিলিংগাঁৱৰ ৰাইজ  বৰ্তমান বানৰ আতংকত ভুগিছে।লুইতৰ পানীৰে পথাৰসমূহ ভৰি পৰাত ন ন অঞ্চল বানৰ কৱলত পৰাৰ আশংকা কৰা হৈছে।ban

বৰ্তমানলৈ উত্তৰ গুৱাহাটীৰ ৰংমহল বৰগড় সুৰক্ষিত যদিও ৰাইজে  গড়টোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে।লেঙাৰ মথাউৰিটো সুৰক্ষিত কিন্তু আজি দুপৰীয়া দুৰ্গাপূজা মণ্ডপৰ সমীপৰ সৰু বান্ধ এটা ভাঙি পানী সোমোৱাত লেঙা, সাতগাওঁৰ বহু পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে খেতিবাতি নষ্ট হোৱাৰ আশংকা কৰা হৈছে।সেইদৰে কলিতাপাৰা, মান্দাকাটা, কামৰূপ জিলাৰ সীমাত অৱস্থিত কুৰুৱাত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। প্ৰশাসন আৰু জলসম্পদ  বিভাগৰ চৰম অৱহেলাৰ বাবে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিবোৰ দুৰ্বল হৈ পৰাত ৰাইজ ক্ষোভিত হৈছে।

Your Comments