বানাক্ৰান্ত গুৱাহাটী : কেইবাটাও এলেকা প্লাৱিত

guwahati

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীও এতিয়া বানাক্ৰান্ত।লুইতৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে গুৱাহাটীৰ পাণ্ডু,উজান বজাৰ,ভৰলুমুখ,চূণচালি,বোন্দা,ছপাইদাং,ৰাজাবাৰী,পানীখাইতি এলেকা।পানীখাইতিত বিশেষকৈ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে।গুৱাহাটী-মৰিগাঁও সংযোগী পথ বানে প্লাৱিত কৰাৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছে।গুৱাহাটীৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ ফাঁচীবজাৰলৈও লুইতৰ ভাবুকি অব্যাহত আছে।লুইতৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ থকাত গুৱাহাটীৰ অধিক এলেকা প্লাৱিত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

Your Comments