অসমৰ বানক লৈ মাহী আইৰ ভূমিকা দিল্লীৰ: আশ্বাসৰ পাছত আশ্বাস,কিন্তু ঘোষণা নাই বানাক্ৰান্তলৈ সাহায্য পুঁজিৰ

ban

তপন বুঢ়াগোহাঁই

অসমৰ বানৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰীগৰাকীৰে বার্তালাপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে ৰাজ্যৰ জটিল বান  পৰিস্থিতিৰ কথা।প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বিষয়ে অৱগত কৰে।লগতে,দুৰ্যোগ প্ৰসমন বিভাগেও যিকোনো মুহূৰ্ততে বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰাৰ বাবে সষ্টম হৈ থকা বুলি অৱগত কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে অসম চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত ইতিমধ্যে জনপ্ৰতিনিধিসকলৰ জৰিয়তে খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ কথা।ban2


ইফালে,বানৰ পৰা জনসাধৰণক ৰক্ষা কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ প্ৰশাসন, তথা জনপ্ৰতিনিধিসকলক সষ্টম হৈ থকাৰ বাবে নির্দেশ দিয়া হৈছে বুলি অৱগত কৰে।একেদৰে ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজে সকলো পৰ্যৱেক্ষণ কৰি থকাৰ লগতে প্ৰতিখন জিলাৰ শীর্ষৰ বিষয়াৰসকলৰ সৈতে যোগাযোগত থকা বুলি প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰে।  ban3

ইফালে প্ৰধানমন্ত্ৰীৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে অৱগত কৰে ৰাজ্যৰ বৃহৎসংখ্যক কৃষিভূমি বানত বুৰ যোৱাৰ কথা। 

বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক সোণোৱালক বানাক্ৰান্তক সহায় কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নির্দেশ প্ৰদান কৰে।ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তক সহায় কৰাৰ বাবে প্ৰয়োজনীয় সকলো সহায়-সাহায্য ৰাজ্য চৰকাৰক যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে।

তাৎপৰ্যপূৰ্ণ কথা এই যে চৰকাৰৰ তথ্য অনুসৰি ইতিমধ্যে ৰাজ্যৰ ২৫খনৰো অধিক জিলাৰ বিস্তীৰ্ণ  এলেকা এতিয়া বানত বুৰ গৈছে।নষ্ট হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। গৃহহাৰা হৈছে ৰাজ্যৰ লাখ লাখ জনতা।তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কেৱল টেলিফোনিক বাৰ্তালাপত আশ্বাস প্ৰদান কৰিয়েই সামৰিছে নিজৰ দায়িত্ব।দুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কেৱল টেলিফোনিক বাৰ্তালাপত বানাক্ৰান্তক সহায় কৰাৰ বাবে আশ্বাস দিয়েই সামৰিছিল ফোন।সেই একে ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আজি সামৰিলে টেলিফোনিক বাৰ্তালাপ।


ইফালে লক্ষণীয় কথা এই যে বানাক্ৰান্তক সহায় কৰাৰ বাবে ৰাজ্যৰ সোণোৱাল চৰকাৰ ইতিমধ্যে আৰ্থিক সংকটত পৰিছে। কাৰণ, ইতিমধ্যে ৰাজ্য চৰকাৰে বানাক্ৰান্তক সহায় কৰাৰ বাবে জনসাধাৰণৰ পৰা সাহায্য বিচাৰি বিভিন্ন মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছে বিজ্ঞাপন।তাৰ পিছতো নিৰ্বাচনৰ সময়ত অসমৰ উন্নয়নৰ কথা কোৱা কেন্দ্ৰীয় চৰকাৰে কিয় এটকাও বান সাহায্য আজিলৈকে ঘোষণাৰ লগতে মুকলি কৰি দিয়া নাই,সেয়া এক ডাঙৰ ৰহস্য।

Your Comments