ফাঁচীবজাৰত মহাত্মা গান্ধী পথত বৃহৎ ফাট: যিকোনো মুহূৰ্ততে সোমাব পাৰে ব্ৰহ্মপুত্ৰৰ পানী

fancybazar

নিউজ ডেস্ক:

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ দ্ৰুত বৃদ্ধিয়ে বিপদ সংকেত কঢ়িয়াই আনিছে গুৱাহাটী মহানগৰীলৈ।ইতিমধ্যে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ পানীয়ে প্ৰৱেশ কৰিছে। ফাঁচীবজাৰৰ মহাত্মা গান্ধী পথলৈ  ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠই  ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে।ইতিমধ্যে উক্ত পথছোৱাৰ প্ৰায় সমান হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। তাৰ মাজতে মহাত্মা গান্ধী পথটো ব্ৰহ্মপুত্ৰৰ পানীয়ে ফাট মেলোৱা পৰিলক্ষিত হৈছে। যদি উক্ত পথটো ভাঙি যায়, তেন্তে সম্পূৰ্ণ জলমগ্ন হ'ব গুৱাহাটী মহানগৰীৰ ব্যৱসায়ৰ মূল কেন্দ্ৰৰ ফাঁচীবজাৰ।

ইফালে,মহাত্মা গান্ধী পথটোত ফাঁট মেলাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে  পথছোৱাক ব্ৰহ্মপুত্ৰৰ বানৰ পৰা ৰক্ষা কৰিবলৈ পুৱাৰে পৰা যুদ্ধকালীন প্ৰস্তুতিৰে ফাট-মেলা অংশত মেৰামতিৰ ব্যৱস্থা কৰিছে।

আনহাতে,প্ৰতিঘণ্টাত ২-৩ ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

Your Comments