উত্তৰ গুৱাহাটীলৈ লুইতৰ বাঢ়নী পানীৰ প্ৰচণ্ড ভাবুকি: কুৰুৱাত মথাউৰি ছিগাৰ উপক্ৰম

n.ghy

নিউজ ডেস্ক:

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীলৈ ভাবুকিৰ সৃষ্টি হৈছে। উত্তৰ গুৱাহাটীৰ সমীপৰ কুৰুৱাত থকা মথাউৰি এতিয়া লুইতৰ বাঢ়নী পানীৰ প্ৰচণ্ড হেঁচাৰ সন্মুখীন হৈছে। লুইতৰ জলস্তৰ সোমবাৰে নিশা অধিক বৃদ্ধি পোৱাত মথাউৰিটো ছিগি যোৱাৰ আশংকাৰ সৃষ্টি হৈছে। যদিহে মথাউৰিটো ছিগি যায় তেনেহলে কুৰুৱা আৰু উত্তৰ গুৱাহাটীৰ বহু এলেকা প্লাৱিত হৈ হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। মথাউৰিটোক সুৰক্ষিত কৰি ৰাখিবলৈ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজে প্ৰয়াস অব্যাহত ৰাখিছে।

ইফালে, উত্তৰ গুৱাহাটীৰ লুইতৰ বৃহৎ এলেকাক লুইতৰ বানৰ পৰা ৰক্ষা কৰি অহা ৰংমহল গড়ৰ ওপৰতো লুইতৰ বাঢ়নী পানীৰ যথেষ্ট হেঁচা পৰা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমানলৈ গড়টোৰ কোনো ক্ষতিসাধন হোৱা নাই। আনহাতে, উত্তৰ গুৱাহাটী নগৰ সমিতি এলেকাৰ অন্তৰ্ভুক্ত অঞ্চলটোৰ প্ৰধান পথ এআৰবি পথত লুইতৰ বাঢ়নী পানী উঠিবলৈ ঠায়ে ঠায়ে ৩-৪ ফুট বাকী আছে।পথটোৰ ওপৰেৰে পানী বাগৰিলে বহু আৱাস জলমগ্ন হৈ পৰাটো খাটাং।

Your Comments