শান্তনুকুলনন্দন, ৰূপোৱালী নৈ সোনোৱালী ঘাট'ৰ স্ৰষ্টা পূৰবী বৰমুদৈৰ বিয়োগ

purabi

নিউজ ডেস্ক :
অসমীয়া সাহিত্যৰ বাবে এক দু-সংবাদ। 'ৰূপোৱালী নৈৰ সোণোৱালী ঘাট'ৰ স্ৰষ্টা তথা 'শান্তনুকূলনন্দন'  উপন্যাসৰ বাবে ২০০৭বর্ষত সাহিত্য অকাডেমী বঁটা লাভ কৰা অসমীয়াৰ সাহিত্যৰ বিশিষ্ট বুৰঞ্জীমূলক উপন্যাসিক পূৰবী বৰমুদৈৰ আজি বিয়োগ ঘটে। দীৰ্ঘদিন ধৰি ধৰি শাৰীৰিক অসুস্থতাৰ পাছত আজি পুৱা ৬বজাত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস  ত্যাগ কৰে বিশিষ্ট সাহিত্য গৰকীয়ে। ১৯৫০ চনৰ ৮মেত তেজপুৰৰ দেউৰীগাওঁত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যু অসমীয়াৰ সাহিত্যৰ বাবে এক বৃহৎ ক্ষতি। ১৯৬৭ চনত তেজপূৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পূৰবী বৰমুদৈয়ে ১৯৭৩ চনত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কবিতা ৰচনাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা বিশিষ্ট সাহিত্যিক গৰাকীয়ে সাহিত্য চর্চাৰ দিশটোত অধিক সময় দিয়াৰ বাবে ত্যাগ কৰিছিল শিক্ষকৰ চাকৰি।উল্লেখ যে  ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক  চুটিগল্প প্ৰতিযোগিতাত তেওঁ লাভ কৰিছিল দ্বিতীয় স্থান।সেইয়াই আছিল সাহিত্যক গৰাকীৰ জীৱনৰ প্ৰথমটোৰ সন্মান।

পূৰবী বৰমুদৈৰ প্ৰথমখন উপন্যাস 'গজৰাজ প্রেম আৰু বন্দীত্ব' প্ৰকাশ পাইছিল ১৯৯৯চনত।তাৰ পৰৱৰ্তী সময়ত ৰূপোৱালী নৈ সোনোৱালী ঘাট, শান্তনুকূলনন্দন আৰু বাঘশাল,বাঘজাল আৰু মানুহ আদি কিতাপ প্ৰকাশ পায়।

উল্লেখ্য যে সাহিত্যক গৰাকীয়ে তেওঁৰ সৃষ্টিৰাজিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ উপৰিও লাভ কৰিছিল আন বহুতো সন্মান।তাৰ ভিতৰত আছিল ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা,অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা, ছগনলাল জৈন বঁটা,লেখিকা বঁটাকে আদি কৰি আৰু বহুকেইটা বঁটা।

বিশিষ্ট সাহিত্যিক গৰাকীয়ে ১৯৭৬চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ বিভাগৰ অধ্যাপক তথা শিক্ষাবিদ,সমালোচক আনন্দ বৰমুদৈৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।

 ৬৯বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ সাহিত্যক গৰাকীৰ মৃত্যুৰ খবৰে এতিয়া ম্ৰিয়মান কৰি তুলিছে তেওঁৰ অগণন গুণমুগ্ধৰ লগতে অসমীয়া সাহিত্য জগতক।

Your Comments