গুৱাহাটীলৈ লুইতৰ গুৰুতৰ ভাবুকি:জলস্তৰ বৃদ্ধি অব্যাহত থাকিলে ফাঁচীবজাৰৰে প্ৰৱেশ কৰিব বাঢ়নী পানী

bhamaputra

নিউজ ডেস্ক:
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ গুৱাহাটী মহানগৰীলৈ ভাবুকি ক্ৰমাৎ গভীৰ হৈছে।গুৱাহাটীত লুইতৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাই আহিছে।আজি পুৱা ৯ বজাত গুৱাহাটীৰ ডি চি কোৰ্টৰ সমীপত লুইতৰ জলস্তৰ ৫০.৮১ মিটাৰ।উল্লেখ্য যে বিপদসীমা হৈছে ৪৯.৬৮ মিটাৰ।বিপদজনক কথা যে ১৬ জুলাইতো বৃদ্ধি পাই থাকিব গুৱাহাটীত লুইতৰ জলস্তৰ।কাইলৈ ১২ বজালৈকে লুইতৰ জলস্তৰ ৫১.১ মিটাৰলৈ বৃদ্ধি পাব পাৰে।এনডিএমএৰ কেন্দ্ৰীয় জল আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

স্মৰ্তব্য যে গুৱাহাটীত লুইতৰ সৰ্বাধিক জলস্তৰ হৈছে ২০০৪ চনৰ ৫১.৪৬ মিটাৰ।২০০৪ চনৰ জলস্তৰ স্পৰ্শ কৰিলে গুৱাহাটী মহানগৰীলৈ লুইতৰ বাঢ়নী পানী ফাঁচীবজাৰ,মাছখোৱা এলেকাৰে প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভৱনা আছে।

Your Comments