ৰাজ্যত এতিয়া লাখ লাখ বানাক্ৰান্তৰ হাহাকাৰ:কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মুকলি কৰা নাই পৰ্যাপ্ত বান সাহায্যৰ ধন

noi

নিউজ ডেস্ক:
ৰাজ্যৰ জনজীৱনলৈ এতিয়া প্ৰধান ভাবুকি হিচাপে চিহ্নিত হৈছে জুলাই মাহৰ বান।ৰাজ্যৰ চৌদিশে এতিয়া বানাক্ৰান্ত লাখ লাখ লোকৰ দুবেলা দুমুঠি,আশ্রয়ৰ বাবে সংগ্ৰাম।চৰকাৰী তথ্যমতে ৰাজ্যৰ ২৫ খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানাক্ৰান্ত হৈছে।অসম এনেকৈ বিপৰ্যয়ৰ গৰাহত যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক উপযুক্ত পৰিমাণে বান সাহায্য প্ৰদান  কৰাৰ ক্ষেত্ৰত সন্তোষজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।বান সাহায্যৰ বাবে কেন্দ্ৰই যথোচিত ধন মুকলি কৰি দিয়া নাই।বিগত সময়ত মথাউৰি নিৰ্মাণ আৰু মেৰামতি কৰাৰ বাবে কেন্দ্ৰ চৰকাৰক তিনি শতাধিক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰক দিয়া হৈছিল যদিও তাৰ অৰ্ধেক প্ৰস্তাৱতহে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়ে।

আনহাতে,বৰ্তমান ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ উপযুক্তভাৱে সন্মুখীন হ'বলৈ, বানাক্ৰান্তৰ  সহায়-সহায্যৰ বাবে প্রায় ৫৬ কোটি টকা জিলা আৰু মহকুমাসমূহক মুকলি কৰি দিছে যদিও সেয়া তেনেই অপৰ্যাপ্ত বিবেচিত হৈছে।২৪ লাখ বানাক্ৰান্ত লোকৰ বাবে ৫৬ কোটি টকা যথেষ্ট কম হোৱা বাবেই একাংশ বান ক্ষতিগ্ৰস্ত এলেকাত বানাক্ৰান্তক যথোচিতভাৱে খাদ্যও যোগান ধৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

Your Comments