গুৱাহাটীত বিপদ সীমাৰ ১১০ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ :উজান বজাৰ,নুনমাটি, চূণচালিৰ বহু অঞ্চল জলমগ্ন

guwahati

নিউজ ডেস্ক : 

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ ক্ৰমাৎ বৃদ্ধিয়ে বিপদ কঢ়িয়াই আনিছে উজনি-নামনিৰ নৈপৰীয়া ৰাইজৰ লগতে গুৱাহাটীৰবাসীলৈয়ো।প্ৰতি মুহূৰ্ততে ১ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।brahmaputra

ইতিমধ্যে গুৱাহাটীৰ আজানপীৰৰ উদ্যান আৰু শংকৰদেৱ উদ্যান ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰাৰ পাছত আজি নিশা ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱেশ কৰিছে মহানগৰীৰ নুনমাটি অঞ্চলত।প্ৰাপ্ত খবৰ অনুসৰি উজান বজাৰস্থিত মাছৰ বজাৰ,নুনমাটিৰ চেক্টৰ ১, চূণচালিত ব্ৰহ্মপুত্ৰৰ পানীৰে কিছুসংখ্য বাসগৃহৰ লগতে একাংশ পথো পানীয়ে বুৰাই পেলোৱাৰ খবৰ পোৱা গৈছে।

Your Comments