বিৰল শ্বাসৰুদ্ধকৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ'ল ইংলেণ্ড

england

নিউজ ডেস্ক:
অতি শ্বাসৰুদ্ধকৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হ'ল ইংলেণ্ড।লৰ্ডছত অনুষ্ঠিত ফাইনেলত প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৮ উইকেটত ২৪১ ৰাণ কৰে।প্ৰত্যুত্তৰত ইংলেণ্ডেও আটাইকেইটা উইকেট হেৰুৱাই ২৪১ ৰাণ কৰাৰ ফলত টাই হয়।ইয়াৰ পিছতে অনুষ্ঠিত হয় ছুপাৰ অভাৰ।ছুপাৰ অভাৰত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ১৫ কৰাত নিউজীলেণ্ডৰ সন্মুখত লক্ষ্য হয় ১৬ ৰাণ।কিন্তু অভাৰৰ অন্তিমটো বলত নিউজীলেণ্ডৰ মাৰ্টিন গুপ্টিল ৰাণ আউট হোৱাত নিউজীলেণ্ড ১৫ ৰাণত সীমাবদ্ধ হৈ পৰে।তেতিয়া খেলখনত সৰ্বাধিক বাউণ্ডেৰী কোবোৱা দল হিচাপে ইংলেণ্ডক চেম্পিয়ন ঘোষণা কৰা হয়।ইংলেণ্ডৰ বেন ষ্টোকছৰ ৮৪ ৰাণৰ ইনিংছটো ইংলেণ্ডৰ বিজয়ত মুখ্য অৰিহণা আগবঢ়াই।ছুপাৰ অভাৰত ইংলেণ্ডৰ বলাৰ জফ্ৰা আৰ্ছাৰৰ বলিঙেও ইংলেণ্ডক বিশ্বকাপ জয়ী কৰাত প্ৰধান ভূমিকা পালন কৰে।

২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলখন এখন অতিকৈ বিৰল শ্বাসৰূদ্ধকৰ মেচ হিচাপে চিহ্নিত হ'ল,যিখনক সদায় মনত ৰাখিব ক্ৰিকেটপ্ৰেমীসকলে।

Your Comments