ৰাজ্যিক কৰ্মচাৰীয়ে  দৈনিক কাম কৰিব লাগিব ৯ ঘণ্টাকৈ:শনিবাৰ,দেওবাৰ বন্ধ

karmasari

নিউজ ডেস্ক :

আগন্তক পহিলা জুলাইৰ পৰা সলনি হ'ব ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ সময়সূচী। সেই অনুসৰি পহিলা জুলাইৰ পৰা চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত হ'ব লাগিব পুৱা ৯.৩০বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাত।একেদৰে কাৰ্যালয়ত কৰ্মচাৰীসকলে আবেলি ৫ বজাৰ পৰিৱৰ্তে কৰ্ম সম্পাদন কৰিব লাগিব আবেলি ৬ বজালৈকে।অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ ৮ ঘন্টাৰ পৰিৱৰ্তে এতিয়া কাৰ্যালয়ত থাকিব লাগিব ৯ ঘন্টা। 

ইফালে কৰ্মচাৰীসকলৰ কৰ্মসময় এক ঘণ্টা বৃদ্ধি কৰিলেও এতিয়াৰে পৰা কৰ্মচাৰীসকলে সপ্তাহত দুটাকৈ দিন কাৰ্যালয় বন্ধ পাব।সেই অনুসৰি সপ্তাহৰ প্ৰতিটো প্ৰতিটো শনিবাৰ আৰু দেওবাৰে কৰ্মচাৰীসকলে কাৰ্যালয় বন্ধ পাব ।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ কৰিছে সকলো যাৱতীয় কাম-কাজ।সোণোৱাল চৰকাৰৰ কেবিনেটত গৃহীত হ'লেই ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।

Your Comments

Related Articles