এতিয়াৰে পৰা কটন বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীয়ে পিন্ধিব লাগিব ইউনিফৰ্ম

cotton

নিউজ ডেস্ক :

১১৯ বছৰীয়া ঐতিহ্যমণ্ডিত  কটন বিশ্ববিদ্যালয়ৰ ইতিহাসত সংযোজন হ'ব এক নতুন অধ্যায়ৰ।সেই অনুসৰি এতিয়াৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিধান কৰিব লাগিব ইউনিফৰ্ম।cotton 2

 ২০১৯ বৰ্ষৰ নতুন শিক্ষাবর্ষৰ পৰা বিশ্ববিদ্যালয়খনৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বর্ষৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিধান কৰিব লাগিব ইউনিফৰ্ম।প্ৰথম বর্ষৰ বাবে বিশ্ববিদ্যালয়খনত কেৱল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক হব।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্ম নতুনকৈ সংযোজন কৰাৰ সন্দৰ্ভত কয় যে  বিশ্ববিদ্যালয়ৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইউনিফৰ্মৰ ৰং কি হ'ব তাক নিৰ্ধাৰণ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তিনিজনীয়া সমিতি গঠন কৰি দিছে। সেই সমিতিয়ে জুন মাহৰ ভিতৰত ঘোষণা কৰিব ইউনিফৰ্ম ৰং কি হ'ব।

ইফালে,ছাত্ৰ-ছাত্ৰীসকলে পহিলা আগষ্টৰ পৰা উইনিফৰ্ম পৰিধান কৰিব লাগিব বুলি জানিবলৈ দিছে।

Your Comments

Related Articles