'মোডী ছুনামী':কেনেকৈ বিজেপিৰ বাবে এই বৃহৎ জনাদেশ

modi

ৰাজকমল চাংকাকতি

 

ছুনামী।সঁচাকৈয়ে এয়া এটা দলৰ পক্ষে জনতাৰ ভোট দানৰ জড়িয়তে অপাৰ সমৰ্থনৰ ছুনামী।২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত 'মোডী ছুনামী'।২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত ভাৰতৰ অধিকাংশ ৰাজ্যতে জনতাই হিলদল ভাঙি নৰেন্দ্র মোডী অথবা বিজেপি অথবা এনডিএৰ পক্ষে ভোটদান কৰিবলৈ ওলাই আহিছিল আৰু তাৰ পৰিনামত বিজেপিৰ ৩০৩ খন আসন আৰু এনডিএৰ ৩৫৩খন আসন।বিজেপিয়ে নিৰ্বাচনত এনে সফলতা লাভ কৰিব বুলি দেশৰ অধিকাংশ আগশাৰীৰ ৰাজনৈতিক বিশ্লেষকে ভাবিব পৰা নাছিল।এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি একাংশ বিশ্লেষকে মত পোষণ কৰিছিল যদিও বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰাটো তেওঁলোকৰ লগতে দেশৰ সচেতন নাগৰিকসকলৰো গৰিষ্ঠসংখ্যকৰ বাবে এটা অকল্পনীয় বিষয় আছিল।কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ লগতে অধ্যক্ষ অমিত শ্বাহে নেতৃত্ব দিয়া বিজেপিক জনতাই এনেদৰে ব্যাপক হাৰত সমৰ্থন আগবঢ়ালে,তাৰ কাৰণ বিশ্লেষণৰ থল আছে।কেইটামান মুখ্য কাৰণৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ'ল।

ৰাষ্ট্ৰবাদৰ পক্ষত জনতাই ভোট দিলে:

দেশ সকলোতকৈ আগত-এই ৰাষ্ট্ৰবাদী বিচাৰধাৰাক মনত ৰাখি এইবাৰ জনতাই বিজেপিক ভোট দিলে।সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰ পাকিস্তানক যথোচিত প্ৰত্যুত্তৰ দিয়া,সন্ত্ৰাসবাদীক সমুলঞ্চে মষিমূৰ কৰিব পৰা এখন নতুন ভাৰত বিজেপিৰ চৰকাৰেহে নিৰ্মাণ কৰা সম্ভৱ বুলি জনতাই দলটোৰ পক্ষত ভোট দিলে।বিজেপিৰ চৰকাৰেহে ভাৰতক আৰ্থিক,সামৰিক আদি সকলো দিশত বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰত পৰিণত কৰিব বুলি পতিয়ন গৈ দলটোৰ প্ৰতি সমৰ্থন প্ৰদান কৰিলে।উৰিৰ আক্ৰমণৰ পিছৰ ছার্জিকেল স্ট্ৰাইক,পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই কৰা আক্ৰমণৰ ঘটনাই জনতাৰ মাজত দেশপ্ৰেম আৰু 'ৰাষ্ট্ৰ প্ৰথম' চিন্তাক নতুনকৈ অতিকৈ শক্তিশালী কৰি তুলিছিল আৰু বিজেপিয়েহে শত্ৰুৰাষ্ট্ৰক  সমুচিত শিক্ষা দিয়া চৰকাৰ গঠন কৰিব পাৰিব বুলি জনতাই দৃঢ়ভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল।

ii

এজন শক্তিশালী নেতাৰ পক্ষত জনতাই ভোট দিলে:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কিছু সিদ্ধান্ত আৰু পদক্ষেপ প্রত্যক্ষ কৰি জনতা পতিয়ন গ'ল যে মোডী এনে এজন শক্তিশালী নেতা,যাৰ নেতৃত্বত ভাৰতবর্ষই দেশৰ শত্ৰুপক্ষক পৰাভূত কৰিব পাৰিব।যাৰ নেতৃত্বত বিশ্ব দৰবাৰত ভাৰত বৰ্ষৰ সন্মান আৰু প্ৰভুত্ব অভূতপূৰ্বভাৱে বৃদ্ধি পাব।মাৰ্কিন যুক্তৰাষ্ট্ৰ,ইউৰোপৰ আগশাৰীৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানসমূহে নৰেন্দ্ৰ মোডীক যথেষ্ট গুৰুত্ব দিবলৈ আৰম্ভ কৰা,বিদেশত মোডীয়ে জনপ্ৰিয়তাৰ অভিলেখ সৃষ্টি কৰাটোৱে ভাৰতীয় জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।জনতাই ভাবিবলৈ আৰম্ভ কৰিছিল মোডীৰ নেতৃত্বত ভাৰতে পূৰ্বে নোপোৱা গুৰুত্ব আন্ত:ৰাষ্ট্ৰীয় গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে।সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ হিচাপে পাকিস্তানক আন্ত:ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠিত কৰি দেশখনক আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিত অকলশৰীয়া কৰিবলৈ মোডী চৰকাৰ বহু পৰিমানে সফল হোৱাটোৱে ভাৰতীয় জনতাৰ মাজত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল।পুলৱামা আক্ৰমণত জড়িত সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত পাকিস্তানৰ ভিতৰলৈ গৈ বালাকোটত ভাৰতীয় যুঁজাৰু বিমানে বোমা নিক্ষেপ কৰাৰ পদক্ষেপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল অধিক ওপৰলৈ নিছিল।পাকিস্তানৰ ভিতৰলৈ গৈ আক্ৰমণ কৰাৰ কঠোৰ সিদ্ধান্তটোৰ বাবে জনতাই প্ৰধানমন্ত্ৰী মোডীক শলাগ ল'বলৈ আৰম্ভ কৰিছিল।ভাৰতবাসীয়ে বিচৰা ধৰণেৰে পাকিস্তানক উচিত শিক্ষা মোডীয়েহে দিব পাৰিব বুলি জনতাই দৃঢ়ভাৱে ভাবিবলৈ আৰম্ভ কৰিছিল।

জনকল্যাণকাৰী আঁচনি ৰূপায়ণ:

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৫ কোটিতকৈ অধিক বিনামূলীয়া ৰন্ধন গেছ সংযোগ প্ৰদান,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিগত ৫ বছৰত দৰিদ্ৰৰ বাবে ১.৫৩ কোটি আৱাস নিৰ্মাণ,স্বচ্ছ ভাৰত অভিযানৰ অধীনত দৰিদ্ৰ জনতাৰ বাবে প্ৰায় ১৩ কোটি শৌচালয় নিৰ্মাণ আদি আঁচনি ৰূপায়ণৰ জৰিয়তে মোডী চৰকাৰে দেশৰ দৰিদ্ৰবৰ্গক যথেষ্ট উপকৃত কৰিছিল।প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত বিভিন্ন পৰ্যায়ৰ ঋণ প্ৰদানেৰে বিবিধ প্ৰকাৰৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ দেশৰ নিবনুৱা যুৱ প্ৰজন্মক  সুবিধা প্ৰদান কৰাটোৱে জনতাৰ মাজত মোডী চৰকাৰৰ জন প্ৰিয়তা বৃদ্ধি কৰিছিল।যুৱ প্ৰজন্মৰ মাজত মোডী চৰকাৰৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছিল।ইফালে,আয়কৰ প্ৰদানৰ সৰ্বোচ্চ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ মোডী চৰকাৰৰ সিদ্ধান্তই দেশৰ মধ্যবিত্ত বৰ্গৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বঢ়াই তুলিছিল।মোডীৰ কাৰ্যকালৰ শেষৰ ফালে গ্ৰহণ কৰা আন এটা সিদ্ধান্ত চৰকাৰখনৰ বাবে 'মাষ্টাৰ ষ্ট্ৰোক' হিচাপে চিহ্নিত হৈছিল।প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি যোজনাৰ অন্তৰ্গত দেশৰ দৰিদ্ৰ কৃষক পৰিয়ালক বছৰি ৬,০০০ টকাকৈ প্ৰদানৰ আঁচনি ৰূপায়ণে দেশৰ কৃষক সমাজৰ মাজত বিজেপিৰ ভেটি নিৰ্বাচনৰ পূৰ্বে মজবুত কৰি তুলিছিল।উল্লিখিত জনকল্যাণকাৰী আঁচনিসমূহ ৰূপায়ণৰ দ্বাৰা লাভান্বিত হোৱা জনতাই কৃতজ্ঞতা স্বৰূপে তথা বিজেপি পুনৰ কেন্দ্ৰত চৰকাৰলৈ আহিলে অধিক আঁচনিৰ সুবিধা পোৱাৰ আশাৰে দলটোৰ পক্ষে ভোট দান কৰিছিল।

প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দুৰ্বলতা:

দেশৰ কৃষিখণ্ডৰ সমস্যাসমূহ বিজেপি চৰকাৰে সমাধান কৰিব নোৱাৰা,দেশত উপযুক্তভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰাত চৰকাৰখনৰ ব্যৰ্থতা আদি মূল বিষয় সমূহক যথোপযুক্তভাৱে দেশৰ জনতাৰ আগত উত্থাপন কৰাত ব্যৰ্থ হ'ল প্ৰধান বিৰোধী দল কংগ্ৰেছ।ৰাফেল ক্ৰয়ত দুৰ্নীতিৰ বিষয়টো কংগ্ৰেছে জোৰদাৰভাৱে উত্থাপন কৰিছিল যদিও দেশৰ জনতাৰ অধিকাংশই দুৰ্নীতি সংঘটিত হৈছে বুলি মানি লবলৈ টান পালে।প্ৰধানমন্ত্ৰী পদত  ৰাহুল গান্ধীক কংগ্ৰেছে পোনপটীয়াকৈ প্ৰক্ষেপ কৰা নাছিল যদিও পৰোক্ষভাৱে গান্ধীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে জনতাই ভাবি লৈছিল।সেই সময়তে নৰেন্দ্ৰ মোডীৰ সৈতে ৰাহুল গান্ধীৰ তুলনা আৰম্ভ হৈছিল।এই তুলনাত ৰাহুল গান্ধী মোডীৰ সম্মুখত শোচনীয়ভাৱে পৰাভূত হ'ল।মোডীৰ সৈতে ৰাহুলৰ তুলনা আৰম্ভ হোৱাটো কংগ্ৰেছ দলটোৰ বাবে যথেষ্ট লোকচানদায়ক হিচাপে চিহ্নিত হ'ল।ৰাজনৈতিক দক্ষতা,বাকপটুতা আদি দিশৰ পৰা নৰেন্দ্ৰ মোডীক একেবাৰেই ঢুকি নোপোৱা ৰাহুল গান্ধীক প্ৰত্যাখ্যান কৰি প্ৰধানমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী হিচাপে দেশবাসীৰ গৰিষ্ঠসংখ্যকে মোডী অথবা তেওঁৰ দল বিজেপিক আদৰি ল'লে।

দেশৰ যুৱ প্ৰজন্মৰ বুজনসংখ্যকৰ মোডীৰ প্ৰতি সমৰ্থন:

দেশৰ ১৮-৩০ বছৰৰ যুৱ প্ৰজন্মৰ ভোটাৰ সকলৰ অধিকাংশই এইবাৰ বিজেপিক সমৰ্থন কৰিলে।মোডী আৰু বিজেপিৰ শক্তিশালী ভাৰত নিৰ্মাণৰ বক্তব্যক যুৱ প্ৰজন্মই আদৰি ল'লে।দলটোৰ ৰাষ্ট্ৰবাদ,পাকিস্তানত এশিকণি দিয়া বক্তব্যৰ সৈতে যুৱ প্ৰজন্মই সহমত পোষণ কৰিলে।আনহাতে,বিজেপিৰ শক্তিশালী চাইবাৰ কোষে দেশৰ যুৱ প্ৰজন্মৰ গৰিষ্ঠ সংখ্যকক দলটোৰ সমৰ্থক কৰি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।দেশত উপযুক্ত কৰ্মসংস্থাপন সৃষ্টি নোহোৱাৰ এটা পৰ্যায়লৈকে অসন্তুষ্টি যুৱ প্ৰজন্মৰ মাজত আছিল যদিও ৰাষ্ট্ৰবাদক অগ্ৰাধিকাৰ দি তেওঁলোকে মোডীক সমৰ্থন কৰিলে।
   

বিজেপিৰ অভূতপূৰ্ব নিৰ্বাচনী সফলতাৰ আঁৰত আৰএছএছৰ দেশ জুৰি থকা ৪৫,০০০ শাখাৰ স্বয়ংসেৱকসকলৰো যথেষ্ট অৱদান আছে।প্ৰধানকৈ গ্ৰামাঞ্চলত তেওঁলোকে বিজেপিৰ পক্ষে প্ৰচাৰ চলাই দলটোৰ তৃণমূল পৰ্যায়ত থকা সবল স্থিতি অক্ষুন্ন ৰাখিছিল।ইয়াৰ উপৰি সাধাৰণ বৰ্গৰ দৰিদ্ৰসকলৰ বাবে শিক্ষা,চাকৰি আদিৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাটোৱে দেশৰ সাধাৰণ জাতিসমূহৰ মাজত বিজেপিৰ ভেটি মজবুত কৰিছিল।
     

ভাৰতবাসীয়ে বহুত আশা কৰি পুনৰ বিজেপিক তথা নৰেন্দ্ৰ মোডীক বিপুল জনাদেশ প্ৰদান কৰিলে।আগন্তুক ৫ বছৰত মোডী চৰকাৰে দেশৰ কৃষকসকলৰ কিদৰে সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰিব,সেয়া লক্ষণীয় হ'ব।কৃষক সমাজৰ ঋণগ্ৰস্ততা,ফচলৰ উপযুক্ত মূল্য নোপোৱাৰ সমস্যা মোডী চৰকাৰে কিদৰে দূৰ কৰে,সেয়া অতি গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিবলগীয়া বিষয় হ'ব।দেশত উপযুক্ত পৰিমাণৰ কৰ্মসংস্থাপন এই ৫ বছৰত সৃষ্টি হ'ব নে নাই,তাৰ প্ৰতিও নজৰ ৰাখিব  যুৱ প্ৰজন্মই।সন্ত্ৰাসবাদী সংগঠনসমূহক কিদৰে মোডী চৰকাৰে সম্পূৰ্ণ ধ্বংস কৰিব পাৰে,সেই দিশত  দেশৰ সচেতন জনতাই সকলো সময় দৃষ্টি ৰাখিব।জনতাৰ প্ৰচণ্ড জনাদেশ পোৱাৰ পিছত এনডিএ অথবা বিজেপি চৰকাৰে কিদৰে আন্ত:ৰাষ্ট্ৰীয় ৰাজনৈতিক, সামৰিক,অৰ্থনৈতিক দিশত ভাৰতক উন্নত দেশৰ পৰ্যায়লৈ তুলি নিব পাৰে,তাৰ যুক্তিসংগত তীক্ষ্ণ পৰ্যবেক্ষণ অব্যাহত ৰাখিব দেশৰ সংবাদ মাধ্যম,বুদ্ধিজীৱী সমাজ আৰু সচেতন নাগৰিকসকলে।

Your Comments