অভিলেখ সংখ্যক ৮,০০০ অতিথিৰ উপস্থিতিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ

rb

nm

আজি সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত দেশৰ দ্বাদশ প্ৰধান মন্ত্ৰী হিচাপে আৰু দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে৷ অভিলেখ সংখ্যক ৮,০০০ লোক এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে ২০১৪ বৰ্ষৰ প্ৰথমটো কাৰ্যকালৰ প্ৰধান মন্ত্ৰী হিচাপে মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰায় ৫,০০০ লোক৷ 

আমন্ত্ৰিত বিদেশী অতিথিসকল :
বিমষ্টেক (BIMSTEC, Bay of Bengal Initiative for Multi-Sectoral Technecal and Economic Co-operation)ৰ দেশসমূহৰ প্ৰতিনিধিসকল নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰিছে৷ উল্লেখ্য যে বিমষ্টেকত ভাৰতৰ উপৰি আছে বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড৷
বাংলাদেশ : প্ৰধান মন্ত্ৰী আব্দুল হামিদ৷
শ্ৰীলংকা : প্ৰধান মন্ত্ৰী এম ছিৰিসেনা৷
নেপাল : প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলি৷
ম্যানমাৰ : প্ৰধান মন্ত্ৰী ইউ উইন মিণ্ট৷
ভূটান : প্ৰধান মন্ত্ৰী লোটেই ছিৰিং৷
থাইলেণ্ড : বিশেষ প্ৰতিনিধি গিৰিছাদা বুনৰাক৷
বিমষ্টেকৰ উপৰি মৰিছাছ আৰু কিৰগিস্তানৰ প্ৰধান মন্ত্ৰী ক্ৰমে- প্ৰবিন্দ কুমাৰ জুকনাথ আৰু ছ’ৰ’নবে’ জিনবিক’ভ উপস্থিত থাকিব৷ উল্লেখ্য যে এই নেতাসকলৰ লগত শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব৷
আইএমএফৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ ক্ৰিষ্টিন লেগাৰ্ডে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব৷ 

দেশীয় নেতাসকল :
দেশৰ সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছে৷ অৱশ্যে নিৰ্বাচনী হিংসাৰ বলি হৈ মৃত্যু হোৱা পশ্চিমবংগৰ বিজেপি কৰ্মীসকলৰ পৰিয়ালক আমন্ত্ৰণ জনোৱাৰ বিৰোধিতাৰে মমতা বেনাৰ্জীয়ে অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি জনাইছে৷ আনহাতে, ওড়িশাৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী নবীন পাটনায়ক আৰু ছত্তিশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ সিং বাঘেলে ব্যক্তিগত কাৰ্যসূচীৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও নৰেন্দ্ৰ মোডীক শুভেচ্ছা জ্ঞাপন কৰিছে৷
বিৰোধী পক্ষৰ পৰা কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে অনুষ্ঠানত উপস্থিত থাকিব বুলি জনাইছে৷ আনহাতে, পূৰ্বৰ প্ৰধান মন্ত্ৰীসকল, ৰাষ্ট্ৰপতিসকল আৰু দেশৰ সকলো ৰাজনৈতিক দলৰ জ্যেষ্ঠ ৰাজনীতিকসকলো এই অনুষ্ঠানত উপস্থিত থাকিব৷

তাৰকাসকল :
উদ্যোগ জগতৰ : মুকেশ আম্বানী, গৌতম আদানী আৰু ৰতন টাটাক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ ইয়াৰ উপৰি অজয় পিৰামল, জন চেম্বাৰ্ছ আৰু বিল গেটছকো প্ৰধান মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷

ক্ৰীড়া জগত : প্ৰাক্তন এথলীট পি টি ঊষা, প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, জৱাগল শ্ৰীনাথ, হৰভজন সিং, বেডমিণ্টন তাৰকা ছাইনা নেহৱাল, বেডমিণ্টন প্ৰশিক্ষক পি গোপি চান্দ আৰু জিমনাষ্ট দীপা কৰ্মকাৰকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷

চলচ্চিত্ৰ তাৰকাসকল : দক্ষিণৰ ছুপাৰ ষ্টাৰ ৰজনীকান্ত, কমল হাছান মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি ভবা হৈছে৷ ইয়াৰ উপৰি বলীউডৰ তাৰকা কংগনা ৰানাৱট, শ্বাহৰুখ খান, সঞ্জয় ভান্সালী আৰু কৰণ জোহৰকো আমন্ত্ৰণ জনোৱা হৈছে৷

নিৰ্বাচনী হিংসাত মৃত্যু হোৱা বিজেপিৰ কৰ্মীসকলৰ পৰিয়াল : পশ্চিমবংগত বিগত এটা বছৰত নিৰ্বাচনী হিংসাত মৃত্যুবৰণ কৰা ৫০জন বিজেপিৰ কৰ্মীৰ পৰিয়ালৰ সদস্যসকলকো অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ 

উল্লেখ্য যে ২০১৪ৰ নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ছাৰ্কৰ সকলো নেতাক আমন্ত্ৰণ জনোৱা হৈছিল৷ ইয়াৰ ভিতৰত পাকিস্তানৰ প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফেও আমন্ত্ৰণ লাভ কৰিছিল৷ কিন্তু এইবাৰ চুবুৰীয়া দেশখনক নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই৷ ইয়াৰ বিপৰীতে এইবাৰ বিমষ্টেকৰ নেতাসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ উল্লেখ্য যে চুবুৰীয়া দেশ পাকিস্তান বিমষ্টেকৰ অন্তৰ্ভুক্ত নহয়৷ ভাৰতৰ আজন্ম শত্ৰুস্বৰূপ পাকিস্তানৰ প্ৰতিনিধি এই অনুষ্ঠানলৈ আমন্ত্ৰণ নজনোৱাটোৱে পাকিস্তানক যে ভাৰতে সহজ দৃষ্টিৰে গ্ৰহণ কৰা নাই তাৰ এক বাৰ্তা প্ৰেৰণ কৰাৰ ই এক অভিপ্ৰায় বুলি বুজা গৈছে৷

Your Comments