প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশ-বিদেশৰ ৬০০০ অতিথি

gg

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত মোডীৰ লগতে শপতগ্ৰহণ কৰিব মোডীৰ কেবিনেট মন্ত্ৰীসকলে।উল্লেখ্য যে এই শপতগ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত উপস্থিত থাকিব দেশ-বিদেশৰ প্ৰায় ৬০০০ ৰো অধিক অতিথি।বিৰোধী দলৰ নেতা, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল,বিজেপি নেতা, উচ্চ আৰু নিম্ন দুয়োটা সদনৰ সদস্যসকলৰ লগতে উপস্থিত থাকিব ভালেসংখ্যক ব্যক্তি।ইয়াৰ উপৰিও এই শপতগ্ৰহণ অনুষ্ঠানলৈ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলকো আমন্ত্ৰণ জনোৱা হৈছে।

 

আনহাতে,এইবাৰ মোডী আৰু কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠানলৈ এক বিশেষ কূটনীতিৰে আমন্ত্ৰণ জনোৱা হোৱা নাই পাকিস্তানক।কাৰণ, এইবাৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ 'ছাৰ্ক'ৰ সদস্যসকলক আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে আমন্ত্ৰণ জনোৱা হৈছে 'বিমষ্টেক' সংগঠনৰ মুৰব্বীসকলক। তাৰ ফলত পাকিস্তান অন্তৰ্ভুক্ত হোৱা নাই এই নিমন্ত্ৰণত।তদুপৰি, বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক নিমন্ত্ৰণ জনোৱা হৈছে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ।

 

ইফালে,শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি জনাই দিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।পশ্চিম বংগত ৰাজনৈতিক হিংসাত মৃত্যু হোৱা বিজেপি সদস্যসকলৰ পৰিয়ালক শপতগ্ৰহণ অনুষ্ঠান লৈ নিমন্ত্ৰণ কৰাক লৈ অসন্তুষ্ট মমতা বেনাৰ্জী।বেনাৰ্জীৰ মতে পশ্চিম বংগত কোনো ৰাজনৈতিক হত্যাৰ ঘটনা সংঘটিত হোৱা নাই।

Your Comments