অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী পদত নবীন পাটনায়ক

nabin

অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে বুধবাৰে ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বিজেডি প্ৰমুখ নবীন পাটনায়কে।উল্লেখ্য যে ইয়াৰ পূৰ্বে কেৱল পশ্চিম বংগৰ জ্যোতি বসু আৰু ছিকিমৰ পৱন ছামলিং পাঁচবাৰৰ বাবে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল।

 

২০০০ চনত প্ৰথমবাৰৰ বাবে ওড়িশাৰ মুখ্যমন্ত্ৰী হোৱা নবীন পাটনায়কে বৰ্তমানৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ৰাজনীতিক হিচাপে পৰিগণিত হ'ব।

Your Comments