গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ অভিযোগত প্ৰাক্তন ছাত্ৰ নেতাক গ্ৰেপ্তাৰ

gu ex

নিউজ ডেস্ক :
গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত এইবাৰ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অন্য এজন অভিযুক্তক।এক দীঘলীয়া সোধা-পোছাৰ অন্তত আজি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ-সন্থাৰ  প্ৰাক্তন সভাপতি সঞ্জীৱ তালুকদাৰক। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে কামৰূপৰ জিলাৰ বেজেৰাৰ সঞ্জীৱ তালুকদাৰে আলফা স্বাধীনৰ সেনাধক্ষ্য পৰেশ বৰুৱাৰ নিৰ্দেশত বিজয় অসম ওৰফে পাপু কোঁচক গুৱাহাটীৰ বিভিন্ন স্থান পৰ্যবেক্ষণ কৰোৱাইছিল।gs ex

ইয়াৰ উপৰিও বিস্ফোৰণৰ পূৰ্বে ছাত্ৰ নেতা সঞ্জীৱ তালুকদাৰে পৰেশ বৰুৱাৰ সৈতে ফোনত কেইবাবাৰো কথা পাতিছিল।ইয়াৰ উপৰিও আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি পৰেশ বৰুৱাৰ সৈতে ফোনত যোগাযোগ আছিল সঞ্জীৱৰ। উল্লেখ্য যে সোমবাৰে আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছিল ছাত্ৰ নেতা সঞ্জীৱ তালুকদাৰক।

ইফালে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় সঞ্জীৱক। আদালতে সঞ্জীৱক ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Your Comments