ৰাহুল গান্ধী কংগ্ৰেছ দলৰ সভাপতি হৈ থকালৈ বিজেপিৰ কোনো চিন্তা নাই : হিমন্ত বিশ্ব শৰ্মা

hbs

নিউজ ডেস্ক :

লোকসভাৰ নিৰ্বাচনত বিজেপি দলৰ বৃহৎ সফলতাৰ পাছত ৰাহুল গান্ধীক কাটাক্ষ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য "ৰাহুল গান্ধী কংগ্ৰেছ দলৰ সভাপতি হৈ থাকিলে বিজেপিৰ কোনো চিন্তা নাই,আমিতো বিচাৰো ৰাহুল গান্ধীয়েই অনাগত আৰু  ৫০বছৰলৈ কংগ্ৰেছ দলৰ সভাপতি হৈ থাকক"। মন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে ৰাহুল গান্ধী যেতিয়ালৈকে কংগ্ৰেছৰ সভাপতি হৈ থাকিব তেতিয়ালৈকে বিৰোধীৰ কোনো ভৱিষ্যত নাই,ফলত বিজেপিৰে লাভ হৈ থাকিব।কিন্তু ৰাহুল গান্ধী সভাপতি হৈ থকাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কাৰণ গণতন্ত্ৰত শক্তিশালী বিৰোধী প্ৰয়োজন আছে।কিন্তু ৰাহুল গান্ধী থাকিলে সেইয়া সম্ভৱ নহব।

ইয়াৰ উপৰিও মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই কয় উত্তৰ-পূৱৰ বাবে ৰাহুল গান্ধীত কৈ অমৃত শ্বাহ হে গুৰুত্বপূৰ্ণ।কাৰণ যোৱা লোকসভাৰ নিৰ্বাচনত দলটোৱে সঠিক ৰণনীতিৰে উত্তৰ-পূবত বিশেষ সফলতা পাবলৈ সক্ষম হৈছে।

Your Comments