কামাখ্যা মন্দিৰলৈ আহি  পূজা দি গ'ল স্মৃতি ইৰাণীয়ে

smriti

সপ্তদশ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ দূৰ্গ স্বৰূপ আমেথি দখল কৰাৰ পিছত বিজেপিৰ নৱনিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীয়ে আজি দর্শন কৰিলে শক্তিপীঠ কামাখ্যা মন্দিৰ।পুৱা মুম্বাই পৰা ইণ্ডিগ বিমানৰ জৰিয়তে নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে আজি দিনৰ ভাগত উপস্থিত হয় গুৱাহাটীৰ বৰঝাৰ বিমানবন্দত।বিমানবন্দৰৰ পৰা পোনে পোনে স্মৃতি ইৰাণী উপস্থিত হয় নীলাচলৰ বুকুত থকা কামাখ্যা ধামত।

কামাখ্যা ধামত থকা বগলা মন্দিৰত পূজা সমাপ্ত কৰিয়েই পুনৰ উভতি যায় মুম্বাইলৈ।প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনৰে পৰা অৰ্থাৎ ১৯৮০চনৰে পৰা কংগ্ৰেছৰ দখলত থকা আমেথি সংসদীয় সমষ্টিতো এইবাৰ স্মৃতি ইৰাণীয়ে দখল কৰি একপ্ৰকাৰ সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।উল্লেখ্য যে ১৯৯৮চনত এটা বছৰৰ বাবে বিজেপিয়ে আমেথি দখল কৰিছিল যদিও তাৰ পাছত পুনৰ কংগ্ৰেছে দলে নিজ দখললৈ নিছিল সমষ্টিতো।

Your Comments